পুলক শইকীয়া, মাজুলী: মাজুলীত আমেৰিকা,মহাৰাষ্ট্ৰ,দিল্লীৰ এদল গৱেষক ছাত্ৰ ছাত্ৰীৰ এখন শাক-পাচলিৰ দোকানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে*
কাজিৰঙা বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ছাত্ৰীৰ ব্যতিক্ৰমী দোকানখনত আছে অসমৰো কেইবাগৰাকী গৱেষক ছাত্ৰী
মাজুলীৰ ভিতৰুৱা গাঁৱৰ পৰা সংগ্ৰহ কৰা জৈৱিক কৃষিক্ষেত্ৰৰ সতেজ শাকপাচলিৰ দোকানখনত আছে মানিমুনি,ভেদাইলতা,কচুথোৰ,ঢেকীয়া,ৰঙালাও,জাতিলাও,কণবিলাহী,পদিনা,জিকা,বেঙেনাকে ধৰি বিভিন্ন শাক-পাচলি
প্ৰতিদিনেই সন্ধিয়া মমৰ পোহৰত গড়মূৰ তিনিআলিত মুকলি কৰা দোকানখনৰ পৰা ‘এটি মৰমৰ টোপোলা’ ক্ৰয় কৰি নিবলৈ এইসকল বিক্ৰেতাই ৰাইজলৈ আহ্বান জনাইছে
সম্প্ৰতি খাৰুপেটীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বজাৰৰ উভৈনদী শাক-পাচলিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰে ছাত্ৰ ছাত্ৰীকেইগৰাকীয়ে জৈৱিক শাকপাচলিৰে খাই সকলোকে সু-স্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ এক সুন্দৰ বাৰ্তা বিলাইছে