ডিজিটেল ডেস্ক, ২৮মাৰ্চ: আকৌ কঁপি উঠিল ভূগৰ্ভৰ অভ্যন্তৰ। ম্যানমাৰ আৰু থাইলেণ্ডত বৰভূঁইকঁপৰ ভয়াৱহ ধ্বংসলীলা। শুকুৰবাৰে দুপৰীয়া ৭.৭ প্ৰাবল্যৰ এক বৰভূঁইকঁপে প্ৰথমেই ত্ৰাসৰ সৃষ্টি কৰে ম্যানমাৰ আৰু থাইলেণ্ডৰ ৰাজধানী বেংককত। তাচপাতৰ দৰে খহি পৰিল উচ্চ উচ্চ অট্টালিকা। কেৱল বেংককতে অৰ্ধশতাধিক লোক সন্ধানহীন। মণিপুৰৰ উপৰি মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাতো অনুভূত হ’ল জোকাৰণি।
ধাৰাবাহিকভাৱে অহা দুটাকৈ বৰভূঁইকঁপে জোকাৰি গ’ল ম্যানমাৰ। তাৰপাছতো এইপৰ্যন্ত আৰু ৫টা ভূমিকম্পৰ কম্পন অনুভূত হ’ল ম্যানমাৰত। ৰিখটাৰ স্কেলত ৭.২ আৰু ৭.০ প্ৰাবল্যৰ প্ৰথম দুটা বৰভূঁইকঁপে কঁপাই গ’ল ম্যানমাৰ। প্ৰথমটো ভূমিকম্প অনুভূত হয় দিনৰ ১১ বাজি ৫০ মিনিট ৫২ ছেকেণ্ডত। ইয়াৰে ১২ মিনিট পাছত অৰ্থাৎ দিনৰ ১২ বাজি ২ মিনিট ৭ ছেকেণ্ডত আহে দ্বিতীয়টো ভূমিকম্প। ভূমিকম্প দুটাৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰৰ ছাগাইন আৰু কায়েকছ। মনৱা চহৰৰ পৰা ৫০ কিলোমিটাৰ নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ হোৱাৰ বাবে চহৰখনত হয় বিস্তৰ ক্ষতিসাধন। দুটাকৈ অহা বৰভূইকঁপৰ ফলত খহি পৰিল ম্যানমাৰৰ মাণ্ডালয় চহৰত থকা ঐতিহাসিক এভা দলং।
তৃতীয়টো ভূমিকম্পৰ কম্পন অনুভূত হয় ১২ বাজি ৫৭ মিনিট ৫৩ ছেকেণ্ডত, যাৰ প্ৰাবল্য ৫ ৰিখটাৰ স্কেল। দুপৰীয়া ১ বাজি ৭ মিনিট ৩ ছেকেণ্ডত ৪ প্ৰাবল্যৰ চতুৰ্থটো কম্পন অনুভূত হয়। বিয়লি ২ বাজি ৪৮ মিনিট ৩২ ছেকেণ্ডত ৪.৪ প্ৰাবল্যৰ পঞ্চমটো কম্পন। ষষ্ঠটো কম্পন বিয়লি ৩ বাজি ২৫ মিনিট ৩৯ ছেকেণ্ডত অনুভূত হয়, যাৰ প্ৰাবল্য ৪.৩ ৰিখটাৰ স্কেল। সপ্তমটো, কম্পন বিয়লি ৩ বাজি ২৫ মিনিট ৩৯ ছেকেণ্ডত অনুভূত হয়, যাৰ প্ৰাবল্য ৪.৩ ৰিখটাৰ স্কেল।
ৰুষ্ট প্ৰকৃতিৰ কৱলত পৰি ম্যানমাৰত এইপৰ্যন্ত ২৫জনৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰে মান্দালয় চহৰতে মৃত্যু হৈছে কুৰিজনৰ। টাউংগুত মৃত্যু হৈছে ৫ গৰাকীৰ লোকৰ। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ম্যানমাৰত দুটাকৈ বৰভূইকঁপ অহাৰ ফলত কঁপি উঠিল কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰ। ভাৰত, বাংলাদেশ, থাইলেণ্ড, চীনতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। বৰভূইকঁপৰ ফলত ম্যানমাৰৰ লগতে থাইলেণ্ডত হৈছে বিস্তৰ ক্ষতিসাধন। বেংককত তাচপাতৰ দৰে খহি পৰিল এটা নিৰ্মীয়মান ৩৬ মহলীয়া অট্টালিকা। বেংককত এইপৰ্যন্ত এইপৰ্যন্ত কেইবাজনো লোকৰ মৃত্যুৰ লগতে আহত হোৱাৰ উপৰিও সন্ধানহীন হৈ আছে অৰ্ধশতাধিক লোক।
