Saturday, April 19, 2025
Homeঅৰ্থনীতিবন্ধন বেংকে সমৃদ্ধ গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে এলিট প্লাছ সঞ্চয় একাউণ্ট

বন্ধন বেংকে সমৃদ্ধ গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে এলিট প্লাছ সঞ্চয় একাউণ্ট

গুৱাহাটী ৮ এপ্ৰিল ২০২৫ঃ ভাৰতবৰ্ষৰ সাৰ্বজনীন বেংক বন্ধন বেংকে আজি বেংকটােৰ সমৃদ্ধ গ্ৰাহকসকলৰ বাবে এক উন্নত বেংকিং অভিজ্ঞতা প্ৰদান কৰাৰ বাবে বিশেষভাৱে ডিজাইন কৰি সজাই তোলা “এলিট প্লাছ চেভিংছ একাউণ্ট” মুকলি কৰাৰ কথা ঘোষণা কৰিছে । এলিট প্লাছ চেভিংছ একাউণ্টে আকৰ্ষণীয় নতুন সুবিধা প্ৰৱৰ্তন কৰে, যাৰ ভিতৰত আছে প্ৰিমিয়াম এলিট প্লাছ ডেবিট কাৰ্ড আৰু একচেটিয়া জীৱনশৈলীৰ সুবিধাসমুহ ।

বন্ধন বেংকৰ ইডি আৰু চিবিঅ’ ৰাজিন্দৰ কুমাৰ বাব্বৰ , ইডি আৰু চি অ’ ৰতন কুমাৰ কেশৰ উপস্থিতিত বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ প্ৰতিম সেনগুপ্তাই আনুষ্ঠানিকভাৱে মুকলি কৰে।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী এলিট প্লাছ সঞ্চয় একাউণ্টৰ প্ৰথম গ্ৰাহকসকলৰ ভিতৰত অন্যতমৰূপে পৰিগণিত হৈছে ।

এলিট প্লাছৰ জৰিয়তে গ্ৰাহকসকলে প্ৰতি মাহে সীমাহীন বিনামূলীয়া নগদ ধন জমা কৰিব পাৰিব , লগতে আৰটিজিএছ, এনইএফটি আৰু আইএমপিএছৰ বাবে বিনামূলীয়া লেনদেনো কৰিব পাৰিব । এলিট প্লাছ একাউণ্টে ত্বৰান্বিত ৰিৱাৰ্ড পইণ্ট প্ৰদান কৰে আৰু প্ৰতি তিনিমাহত দুটা লাউঞ্জৰ প্ৰৱেশ প্ৰদান কৰে। গ্ৰাহকসকলে প্ৰতি মাহে ৭৫০ টকাৰ বিনামূলীয়া চিনেমাৰ টিকট আৰু সমগ্ৰ ভাৰতৰ নিৰ্বাচিত প্ৰতিষ্ঠিত গল্ফ ক্লাবত প্ৰিমিয়াম গল্ফ চেছনৰ একচেটিয়া প্ৰৱেশাধিকাৰৰ সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও এলিট প্লাছ গ্ৰাহকসকলে একচেটিয়া ভাউচাৰ, মাইলষ্টোন অফাৰ, আৰু বৰ্ধিত ডেবিট কাৰ্ড বীমা কভাৰেজৰ সুবিধা ল’ব পাৰে, যাৰ ভিতৰত আছে ১৫ লাখ টকা পৰ্যন্ত ব্যক্তিগত দুৰ্ঘটনা কভাৰ আৰু ৩ লাখ টকা পৰ্যন্ত ক্ৰয় সুৰক্ষা সুবিধা ৷

বন্ধন বেংকৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ প্ৰতিম সেনগুপ্তাই কয় যে, “আমি বিশ্বাস কৰোঁ যে এই নতুন সুবিধাই আমাৰ প্ৰিমিয়াম গ্ৰাহকসকলৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিব৷ গ্ৰাহকসকলক অতুলনীয় সুবিধা, পুৰস্কাৰ (ৰিৱাৰ্ড) আৰু একচেটিয়া বিশেষাধিকাৰ প্ৰদান কৰিব। বিলাসী ভ্ৰমণৰ সুবিধাৰ পৰা একচেটিয়া বীমা কভাৰেজলৈকে, এলিট প্লাছ চেভিংছ একাউণ্টে গ্ৰাহকৰ এক বৰ্ধিত অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।”

বেংকে এলিট প্লাছ ছেভিংছ একাউণ্ট মুকলি কৰাৰ উপৰিও, উচ্চ আয়ৰ গ্ৰাহকসকলক (HNI) বাবে অতিৰিক্ত সুবিধাসমূহৰ সৈতে ‘বন্ধন এলিট ছেভিংছ একাউণ্ট’ পুনৰায় মুকলি কৰিছে, যাৰ উদ্দেশ্য গ্ৰাহকসকলক আৰু অধিক সুবিধা প্ৰদান কৰা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments