আজি পহিলা ব’হাগৰ দিনটোত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত বিহুৰ উছাহ।
ৰংঘৰৰ বাকৰিত জিলিকিল বিহুৰ লগতে অন্যান্য লোকনৃত্য।
প্ৰতিকীৰূপত তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ আহিল স্বৰ্গদেউ।
স্বৰ্গদেউৰ নিৰ্দেশত আৰম্ভ হ’ল বিহুৰ অনুষ্ঠান।
তাৰ পাছতেই কেইবাটাও আমন্ত্ৰিত হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰে।