Monday, July 7, 2025
Homeঅসমকংগ্ৰেছে সদায় অসমখনক বদনাম কৰিব বিচাৰে: হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছে সদায় অসমখনক বদনাম কৰিব বিচাৰে: হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য:

কাৰ্বি আংলঙৰ ৬ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ কেডাৰসকলৰ গোচৰ প্ৰত্যাহাৰ, সংবিধান সংশোধন আদি বিষয়ত আলোচনা কৰি কিছু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ভৈয়ামৰ কাৰ্বি সকলৰ সমস্যাসমূহ অহা ৩ মাহৰ ভিতৰত সমাধান কৰিব পৰা যাব।

কাৰ্বি ভাষাক কাৰ্বি আংলঙত চৰকাৰী ভাষাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কিছু অসুবিধা আছে। কাৰ্বি সাহিত্য সভাৰ সৈতে আলোচনাৰ মৰ্মে তাক সমাধান কৰিব পৰা যাব।

পঞ্চায়ত নিৰ্বাচনক লৈ কৰবাত কিবা ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা নাই। কংগ্ৰেছে সদায় অসমখনক বদনাম কৰিব বিচাৰে। অসমত ২২ হাজাৰ গাঁৱৰ ভিতৰত কংগ্ৰেছে মাত্ৰ এটা বা দুটা উদাহৰণ দিয়ে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কি হ’ব সকলোৰে জনা আছে। আমি বিচাৰো কংগ্ৰেছে একত্ৰিতভাৱে নিৰ্বাচন খেলক। তেতিয়া আমিও সঠিকভাৱে বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ’ব পাৰিম।

কাৰ্বি আংলঙত সৈনিক স্কুল নালাগে বুলি কলে মই উত্তৰহীন। কাৰ্বি আংলঙৰ দুখীয়া ৰাইজে নেপিয়াৰ ঘাঁহ খেতিৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পাৰিব।

কাৰ্বি আংলঙে স্বায়ত্তশাসিত ৰাজ্যৰ দৰেই বৰ্তমান ক্ষমতা লাভ কৰি আছে। নিজাকৈ বাজেট প্ৰস্তুত কৰাৰ ক্ষমতা লাভ কৰিছে। নিজাকৈ আইন প্ৰণয়ন কৰাৰো ক্ষমতা লাভ কৰিব।

কাৰ্বি আংলঙৰ PGR/ VGR ভূমিক উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি কাম কৰিব চৰকাৰে। এই ভূমিত বিমান বন্দৰ নিৰ্মাণ কৰাৰ বাবেও পৰামৰ্শ আগবঢ়াইছো।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments