হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ আৰু জুবলী বৰুৱাক একেলগে পুণৰ দেখা গল গীতৰ মাজত। উত্তৰ গুৱাহাটী ৰূদ্ৰেশ্বৰৰ বিহু মঞ্চত জুবিন গাৰ্গ আৰু সুকণ্ঠী গায়িকা জুবলী বৰুৱাৰ সংগীতৰ অনুষ্ঠানে যন্ত্ৰমুগ্ধ কৰিলে হেজাৰ হেজাৰ দৰ্শকক ।
জুবিন গাৰ্গে গীতেৰেই নহয় বহু ৰসাল খুহুতীয়া কথাৰে আকৃষ্ট কৰি আহিছে দৰ্শকক । এক দীঘলীয়া সময় এই দুই জ্যোতিয়ে সংগীতেৰে মন্ত্ৰমুগ্ধ কৰি আহি সুকীয়াকৈ সংগীত যাত্ৰা আৰম্ভ কৰিছিল । কিন্তু নিশা পুণৰ ৰূদ্ৰেশ্বৰৰ বিহুতলীত একেলগে গীত গালে । বহু দিনৰ মুৰত জুবলীৰ লগত মঞ্চত লগ হৈ জোকাবলৈ নেৰিলে জুবিনে
জুবিনে ক’লে, ‘‘মই ছোৱালীজনীৰ প্ৰ’মোচন কৰি দিছোঁ। ভালেই গায়। প্ৰেকটিছ কৰি আছে।’’
জুবিনৰ ৰসিকতাক সাদৰেৰে গ্ৰহণ কৰি জুবলী বৰুৱা উঠি আহিল মঞ্চলৈ। প্ৰকৃততে জুবিন গাৰ্গৰ অনুষ্ঠানৰ পাছতে একে স্থানতে অনুষ্ঠান আছিল জুবলী বৰুৱাৰ। গতিকে পুৰণি সতীৰ্থক চোঁ ঘৰত থকাৰ খবৰ পাই জুবিন গাৰ্গেয়ো অতীত ৰোমন্থন কৰিবলৈ হেলা নকৰিলে। সেয়ে মঞ্চলৈ আমন্ত্ৰণ জনালে নিজা ধৰণেৰে জুবলী বৰুৱাক।
সচৰাচৰ বিহুত দেখা জুবিনতকৈ এইবেলি জুবিন গাৰ্গ যেন কিছু পৃথক। সাৱলীল অনুষ্ঠানৰ বাবে মঞ্চতে জুবলীয়ে ধন্যবাদ জনালে জুবিন গাৰ্গক। জুবিনেও ক’লে ফিল্ম অভি ভী বাকী হ্যে। জুবলী বৰুৱাৰ ৰাইজক উদ্দেশ্যি ক’লে কিন্তু এইখন চিনেমা বহুত বেছি ভাল হৈছে।