ৰাজ্য চৰকাৰীৰ কৰ্মচাৰীলৈ ডাঙৰ খবৰ।
দেওবাৰে নিশা ফেচবুক লাইভ যোগে চৰকাৰী কৰ্মচাৰীক সুখবৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।
প্ৰায় ১৮ হাজাৰ চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাৰস্পৰিক বদলিৰ বাবে আৱেদন কৰিছিল।
আৰু প্ৰায় ৮ হাজাৰ কৰ্মচাৰীৰ Matchmaking হৈছে
জুন মাহৰ প্ৰথম সপ্তাহত যোগ্য প্ৰাৰ্থীৰ বদলিৰ নিৰ্দেশনা জাৰি কৰা হ’ব।
এইবৰ্ষৰ ১ জানুৱাৰীত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ বাবে ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল মুকলি কৰিছিলে মুখ্যমন্ত্ৰীয়ে।
পৰৱৰ্তী সময়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বদলিক লৈ SOPও জাৰি কৰিছিল ৰাজ্য চৰকাৰে
