জনুবস্থীক আদৰ্শ গাওঁ আৰু আদিবাসী হাইস্কুল স্কুলক জাষ্টিন লাক্ৰা ৰ নামকৰণ কৰাৰ দাবীঃআছা ৰ
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰো আজি লক্ষীমপুৰ জিলাত থকা আছা ’ৰ জন্মস্থান আদিবাসী জুনুৱস্থী গাওঁ ভ্ৰমণ কৰি আছা ৰ স্থম্ভ বন্তি প্ৰজ্বালন কৰি সেৱা জনাই ৷
তেখেতক সংগ প্ৰদান কৰে কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক ডেভিদ তিৰ্কী আছা লক্ষীমপুৰ জিলা সমিতিৰ সভাপতি অবিৰাম টপ্প আৰু সম্পাদক ডেভিদ মালি লগতে আঞ্চলিক সমিতি সমূহে ৷
আছা পিলাৰ ত সেৱা জনোৱা সময়ত আদিবাসী জুনুৱস্থী হাইস্কুলৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰছাত্ৰী সকলে ৷ ১৯৯৬ চনত আদিবাসী জাতীয় পিতা হিচাপে খ্যাত জাষ্টিন লাক্ৰা ৰ নেতৃত্বত আদিবাসী জুনুৱস্থী হাইস্কুল প্ৰাঙ্গণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা ৰ প্ৰতিষ্ঠা হৈছিল ৷
সেই সময়ত জৰাজীৰ্ণ অৱস্থাত থকা আদিবাসী জুনুবস্থী হাইস্কুলখন আজি পকীকৰণৰ হৈছে যদিও যিমান উন্নত হব লাগিছিল সিমান উন্নত মানৰ নোহোৱা দূৰ্ভাগ্যজনক বুলি আছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ মন্তব্য কৰিছে সভাপতি গৰাকী আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন উৰাঙে আদিবাসী জুনুৱস্থী হাইস্কুল খনক আদিবাসী জাতীয় পিতা জাষ্টিন লাক্ৰা ৰ নামত নামাকৰণ কৰাৰ লগতে জুনুৱস্থীক আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনোৱা লগতে উন্নতমানৰ শ্ৰেণীকোঠা সমূহ কৰিবলৈ দাবী জনাইছে ৷