Saturday, June 7, 2025
Homeঅসমআদিবাসী জানী (মহিলা) শক্তি সংগতিৰ সাধাৰণ সভা

আদিবাসী জানী (মহিলা) শক্তি সংগতিৰ সাধাৰণ সভা

নগাঁও জিলাৰ আমনি SIPRDৰ সভাকক্ষত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ কেন্দ্ৰীয় সমিতিৰ ভগ্নী সংগঠন আদিবাসী জানী শক্তি সংগতিৰ সাধাৰণ সভা অনুষ্টিত কৰা হয় ৷

সভাত সভানেত্ৰী মমী চাংগাৰ সভাপতিত্বত অনুষ্টিত হোৱা সভাত অসমৰ কেইবাখনো জিলাৰ জানী (মহিলা) সকলে অংশগ্ৰহণ কৰে ৷ সভাৰ প্ৰস্তাৱ মৰ্মে প্ৰত্যেকখন জিলা আৰু বাগিচাত জানী শক্তি সংগতি সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বাগিছা গাও অঞ্চলত স্কুল ব’লা কায্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

জানী শক্তি সংগতিৰ সাধাৰণ সম্পাদিকা নিস্কৃীয় হৈ থকাৰ বাবে সভাৰ সৰ্বসন্মতি ক্ৰমে ডিব্ৰুগড় জিলাৰ জৰীণা বিচু লংগাক সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত কৰি পূৰ্ণাংগ সমিতি খন গঠন কৰি দায়িত্ব অৰ্পণ কৰা হয় ৷ লগতে সভানেত্ৰী বিনীতা ডডৰাই আৰু সম্পাদিকা অনিমা বিঞ্জোৱাৰক লৈ ২৭ জনীয়া এক শক্তিশালী আদিবাসী জানি শক্তি সংগতি নগাঁও জিলা সমিতি খন গঠন কৰা হয়।

সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ, ভাৰপ্ৰাপ্ত সম্পাদক পুৰণ গঞ্জু , সাংস্কৃতিক সম্পাদক ডেভিদ তিৰ্কী, নগাঁও জিলা সমিতিৰ সভাপতি থানেশ্বৰ গৌড়, সম্পাদক চন্দন দিগাল, ওদালগুৰি জিলা সমিতিৰ সভাপতি বাবুল পাইক, শোণিতপুৰ জিলা সভাপতি অমৰজীত কেৰ্কেটা, এ নিউজ 24×7 ৰ মুখ্য পৰিচালন সঞ্চালক দেৱজিৎ তালুকদাৰ উপস্থিতিৰ লগতে ডেৰ শতাধিক প্ৰতিনিধি আছিল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments