সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰো লগতে মূখ্য উপদেষ্টা অনিল টপ্প উপ সভাপতি ডেভিদ তিৰ্কী আৰু অমৰজীত কেৰ্কেটা আজি ধুবুৰী জিলা চাপৰত থকা শ্বহীদ বীৰ বিৰছা মূণ্ডা আৰু জাতীয় পিতা জাষ্টিন লাক্ৰাৰ প্ৰতিমূৰ্ত্তিত পূস্পাঞ্জলী অৰ্পন কৰি জিলাখৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰে ৷
কাইলৈ সজাতি দলটো কোকোৰাঝাৰ শ্ৰীৰামপুৰ ভ্ৰমণ কৰি সংগঠনটোৰ পিতামহ স্বৰূপ জাষ্টিন লাক্ৰা আৰু প্ৰাক্তন সভাপতি বস্কো পৰিয়ালৰ সৈতে মত বিনিময় কৰিব ৷
দলটো কোকৰাঝাৰ চিৰাং জিলাৰ সাংগঠনিক দিশ লগতে কোকোৰাঝাৰ জয়পুৰ খেলপথাৰত অনুষ্টিত হবলগীয়া ৩০ জুনত হবলগীয়া হুল দিৱস অৰ্থাৎ চিদু কানু দিৱসৰ কায্যসূচীৰ বুজ লব বুলি আছা ৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন উৰাঙে জানিব দিছে ৷