Saturday, July 5, 2025
Homeঅসমগোৰেশ্বৰত বাক্সা জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ডা:শচীন দাস

গোৰেশ্বৰত বাক্সা জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ডা:শচীন দাস

গোৰেশ্বৰত উপস্থিত হৈ বুজ ল’লে দুখনকৈ স্বাস্থ্য কেন্দ্ৰৰ অভাব অভিযোগ ।

যুটীয়া সচিবগৰাকীয়ে আজি সৰুফুল চকীত থকা গোৰেশ্বৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ আৰু গোৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্য কেন্দ্ৰ দুটাৰ অভাব অভিযোগসমূহৰ বুজ লয় ।

গোৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডা: নৱ চক্ৰৱৰ্তীৰ লগতো বহু সময় ধৰি আলোচনাত মিলিত হয় যুটীয়া সচিবগৰাকী। ইয়াৰ পিছতে স্থায়ী চিকিৎসক নথকাৰ পৰিপ্ৰেক্ষিতত সৰুফুলচকীৰ স্বাস্থ্য কেন্দ্ৰত এজন চিকিৎসক নতুনকৈ নিয়োগ কৰা বুলি জানিবলৈ দিয়ে। লগতে দুয়োটা স্বাস্থ্য কেন্দ্ৰৰ অভাব অভিযোগসমূহ অতি সোনকাল সমাধানৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো স্থায়ী চিকিৎসক নোহোৱাকৈ চলি থকাৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে আজি যুটীয়া সচীবগৰাকী আহ আজি গোৰেশ্বৰৰ দুয়োটা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments