হত্যাকাণ্ডৰ লগত জড়িত ৰঞ্জিত বসুমতাৰীক ফাষ্টটেক আদালত বিচাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী আছাৰ
কাৰ্বিআলং জিলাৰ বোকাজান অমৰাজানৰ ছয় বছৰীয়া কণ্যা সন্তান আযুচি পুৰ্তিক যোৱা ২২ জুনৰ নিশা ৰঞ্জিত বসুমতাৰী নামৰ পাষণ্ড যুৱক এজনে ধৰ্ষণ কৰি অতি নৃশংস ভাবে হত্যা কৰিছিল ৷ আজি উক্ত ঘটনাৰ বুজ লবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা( আছা) ৰ সজাতি দল আযুচি পুৰ্তি ঘৰত উপস্থিত হয় ৷
সজাতি দলটোত মূখ্য উপদেষ্টা অনিল টপ্প ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ ভাৰপ্ৰাপ্ত সম্পাদক দেবেন উৰাঙে উপ সভাপতি ডেভিদ তিৰ্কী সদস্য এলবাৰ্ট ওঢ়েৱা আদিবাসী কল্যান ও উন্নয়ন পৰিষদৰ কায্যবাহী সদস্য পিটাৰ ডাং কাৰ্বিআলং এটনমাচ কাউঞ্চিলৰ এম এ চি চৰ্বন তেলেঙা উপস্থিত হয় পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে ৷
আছা ই আযুচি পুৰ্তি হত্যাকাণ্ডৰ বিচাৰি ফাষ্টটেক আদালত ত কৰি দূষিক কঠোৰ শাস্থি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনোৱা লগতে সংগঠনটোৱে আযুচি পুৰ্তি ৰ পৰিয়ালক বিশ লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ আছা ৰ দাবীসমূহ পূৰণ নোহোৱা পয্যন্তলৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব ৷