Friday, March 13, 2026
Homeঅসমগোসাইগাওঁত কেন্দ্ৰীয় কাৰ্যনিবাহক সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গোসাইগাওঁত কেন্দ্ৰীয় কাৰ্যনিবাহক সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

জনজাতিকৰণৰ দাবীত ২২ জুলাইত ৰাজ্যজুৰি জিলা আযুক্ত কাৰ্যালয়ত ধৰ্ণা কায্যসূচী ৰূপায়ন কৰিব আছাই

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ এখনি কায্যনিৰ্বাহক সভা গোসাইগাওঁত কৃষি বিশ্ববিদ্যালয় সভাকক্ষত সংগঠনটোৰ সভাপতি ৰেজান হৰো ৰ সভাপতিত্ব অনুষ্টিত হয় ৷ সভাত উদ্দেশ্য ব্যাখ্যা কৰে আছা ৰ ভাৰপ্ৰাপ্ত সম্পাদক দেবেন উৰাঙে ৷

আজি কায্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে আছা ই জনজাতিকৰণ ,আদিবাসী জাতিগত প্ৰমাণ পত্ৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ৫৫১ টকালৈকে বৃদ্ধি কৰা ,চাহ শ্ৰমিক সকলক ম্যাদী পট্টা প্ৰদানৰ দাবীত অহা কাইলৈ পৰা ২০ জুলাইৰ পৰা বি টি আৰ ত আদিবাসী গাও বাগিচাত চৰকাৰী বিৰোধী পোষ্টাৰিং আৰু ওৱাল ৰাইটিং কৰিব আৰু সেই একে দাবীত ২২ জুলাইত ৰাজ্যজুৰি জিলা আযুক্ত কায্যলয়ত ২ ঘণ্টীয়া ধৰ্ণা কায্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ’য় বুলি আছাৰ ভাৰপ্ৰাপ্ত সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতিত জানিব দিছে ।

আজিৰ কায্যনিৰ্বাহক সভাত এক মাহৰ ভিতৰত আদিবাসী অধ্যুষিত বিদ্যালয় মহাবিদ্যালয় আছা ৰ প্ৰাৰ্থমিক গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সভাত জন লোকপিয়লৰ আগত সংগঠনটোৱে নৱেম্বৰত গণ অভিবৰ্তন অনুষ্টিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে লগতে আজিৰ সভাই ৰেজান হৰো সভাপতি আৰু দেবেন উৰাঙক সাধাৰণ সম্পাদক হিচাপে আগন্তুক কায্যকাল চলাই নিয়াৰ বাবে দায়িত্ব অৰ্পণ কৰে ৷সভাত উপ সভাপতি চাক্ৰিয়াচ চৰেণ যুটীয়া সম্পাদকদ্বয় ৰবিৰাম বাস্কে দীনেশ টপ্প সাংগঠনিক সম্পাদকদ্বয় বিশাস কৰ্মকাৰ অমৰজিত কেৰ্কেটা বিত্ত সম্পাদক জন কুজুৰ সাংস্কৃতিক সম্পাদক জুনাাচ এক্কা শিক্ষা সম্পাদক জেফ্ৰি কনগাড়ী প্ৰচাৰ সম্পাদক গোলাপ বৰাইক কায্যনিৰ্বাহক এলবাৰ্ট ওঢ়েয়া আৰু ফ্ৰেদিক হাচদা লগতে জিলা সমিত ৰ সভাপতি সম্পাদক উপস্থিত আছিল বুলি আছা ৰ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতিত জনাইছে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments