সৰ্থেবাৰীৰ পৰা তফিকুৰ ৰহমান: সমগ্ৰ দেশৰ লগতে বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৭ নং বৰমাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়তো উলহ-মালহেৰে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। বৰমাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৰমাৰা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সভানেত্ৰী আমিনা খাতুনে। ইয়াৰ উপৰি বৰমাৰাস্থিত সৰুক্ষেত্ৰী আঞ্চলিক বজাৰত বজাৰ সমিতি আৰু ফাইভ ষ্টাৰ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী।

স্বাধীনতা দিৱসৰ কাৰ্যসূচী হিচাপে প্ৰথমতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বজাৰ সমিতিৰ সভাপতি মামুল আলী আৰু বৰমাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী আমিনা খাতুনে। ইয়াৰ পাছতেই পঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
বৰমাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী আমিনা খাতুন, হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদ, গোমাফুলবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আবুল হুছেইন আৰু বৰমাৰা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত ৱাৰ্ড সদস্যসকলক উদ্যোক্তা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানটোত বিশিষ্ট সমাজসেৱক ফেদ্দুছ আলীৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।
