Wednesday, March 11, 2026
Homeঅসমঅৱশেষত আকাশত উৰিল হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ

অৱশেষত আকাশত উৰিল হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ

পৰ্বতঝোৰাৰ পৰা মোবাৰক খানৰ ৰিপোৰ্ট: পৰ্বতঝোৰাত BPF দলৰ আশীৰ্বাদ যাত্ৰাত হাগ্ৰামা মহিলাৰী।

BTC নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ আগতেই BTC দখল কৰাৰ বাবে তৎপৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দল।

BPF দলৰ পৰ্বতঝোৰা জিলা সমিতিৰ উদ্যোগত কাজিগাঁওত আয়োজিত আশীৰ্বাদ যাত্ৰাত উপস্থিত হয় BPF প্ৰধান হাগ্ৰামা মহিলাৰী।

হাগ্ৰামা মহিলাৰীয়ে হেলিকপ্টাৰ যোগে কাজিগাঁও MV স্কুলৰ খেল পথাৰত অৱতৰণ কৰা পিছত হাজাৰ হাজাৰ মানুহক লগত আশীৰ্বাদ যাত্ৰা বাবে সমদল কৰি গাৰোপাৰা ৰাজুহুৱা খেল পথাৰত এক বিশাল জন সভা সন্মোধন কৰি UPPL দল আৰু প্রমোদ বড়োক তীব্ৰ সমালোচনা কৰাৰ লগতে BPF চৰকাৰ আহিলে ভূমিৰ পাট্টা দিয়া লগতে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে।

ভাষণ প্ৰসংগত এবাৰো বিজেপিক সমালোচনা নকাৰৰ প্ৰসংগ সাংবাদিকে সোধাত কয় যে ইউপিপিএল হে BTC ত চৰকাৰত আছে মই ইউপিপিএলক সমালোচনা কৰিম বেলেগ দলক নহয়।

ইউপিপিএলে মন্দিৰ মছজিদ যতে পইচা দিয়ে লৈ লো।
নিৰ্বাচনলৈ এতিয়াও এমাহ বাকী আছে, দুই এদিনতে নিৰ্বাচন নহয়, সেয়ে যি পইচা দিয়ে লো আৰু নাঙলৰ ছবিত ভোট দে, কাৰণ চৰকাৰ এইবাৰ বিপিএফৰ আহিব।

আজি পইচা আছিলে কাৰণে হেলিকপ্টাৰে আহিছোঁ, কালি উৰুৱাবলৈ তেল নাই , কালি এনে থাকিব কাৰোবাৰ লগত পইচা থাকিলে লৈ যা গুৱাহাটী দি ঘূৰি আহ।

এদিনত তিনি লাখ টকাৰ তেল লাগে হেলিকপ্টাৰৰ তেলৰ দাম বহুত বেছি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments