খানাপাৰাৰ পৰাই অমিত শ্বাহৰ নিৰ্বাচনী ৰণডংকা। অমিত শ্বাহে কয় যে কংগ্ৰেছক ধূলিস্যাৎ কৰি অহাৰ পিছত শ্ল’গানত জোৰ লাগিব। পঞ্চায়তৰ পৰা সংসদলৈ বিজেপিৰ বিজয়ী প্ৰতিনিধিক ধন্যবাদ জনায় অমিত শ্বাহে। লাচিত বৰফুকন, চিলাৰায়, গোপীনাথ বৰদলৈকো স্মৰণ। সুধাকণ্ঠ ভূপেন হাজৰিকাকো স্মৰণ অমিত শ্বাহৰ। অমিত শ্বাহে কয় যে অসমত দুবাৰকৈ NDAৰ চৰকাৰ হ’ল। ২০১৪ চনৰ পৰা অসমত বিজেপিৰ ধাৰাবাহিক বিজয় অব্যাহত আছে। অসমত পঞ্চায়তৰ পৰা সংসদলৈ NDA চৰকাৰ। অসমত প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনত ৭৪% ভোটদান কৰিছে অসমৰ জনগণে।
খানাপাৰাত NDAৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশগ্ৰহণ কৰে অমিত শ্বাহে। পঞ্চায়ত প্ৰতিনিধি সন্মিলনত নিৰ্বাচনী ৰণডংকা অমিত শ্বাহৰ। অমিত শ্বাহে বজালে ’২৬ৰ নিৰ্বাচনী ৰণডংকা। খানাপাৰাত গৃহমন্ত্ৰী অমিত শ্বাহক জনোৱা হয় উষ্ম আদৰণি। NDAৰ প্ৰায় ২৫ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিলে সন্মিলনত। অনুষ্ঠানতে অমিত শ্বাহে তুলি ল’লে হেংদাং, বজালে বৰতাল। হেংদাং, বৰতাল, শৰাই, জাপিৰে অমিত শ্বাহক জনালে সম্বৰ্ধনা।
অমিত শ্বাহে কয় যে, “এটা সময়ত কংগ্ৰেছে অসমক বিদায় দিছিল। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসম উন্নয়নৰ দিশে আগবাঢ়িছে। অসমৰ লগতে সমগ্ৰ উত্তৰ পূবত শান্তি ঘূৰি আহিছে।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা অমিত শ্বাহৰ। অমিত শ্বাহে কয় যে, অনুপ্ৰৱেশকাৰী, বাল্যবিবাহ অসমৰ বাবে আছিল ডাঙৰ সমস্যা। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত অসমত ৰোধ হৈছে বাল্যবিবাহ। অনুপ্ৰৱেশকাৰী ৰোধত শৰ্মা চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ ভূমিকা। বেদখলকাৰীৰ পৰা লাখ একৰ মাটি মুক্ত কৰিলে শৰ্মা চৰকাৰে।
“প্ৰতি ইঞ্চি ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰিম। যিমান বিৰোধ কৰিবলৈ আছে কৰক। সত্ৰৰ ভূমিও শৰ্মা চৰকাৰে বেদখলমুক্ত কৰিলে। কংগ্ৰেছৰ দিনত দখল হৈছিল শংকৰদেৱ-মাধৱদেৱৰ সত্ৰৰ ভূমি।” খানাপাৰাৰ পৰাই কংগ্ৰেছক সকীয়নি অমিত শ্বাহৰ। ৰাজ্যত তৃতীয়বাৰলৈ NDA চৰকাৰ গঠনৰ দাবী অমিত শ্বাহৰ। শ্বাহে কয়, “তিনিবাৰ নহয়, বাৰম্বাৰ হ’ব বিজেপি চৰকাৰ।” আনহাতে, খানাপাৰাৰ পৰাই গৌৰৱ গগৈক প্ৰত্যাহ্বান জনালে অমিত শ্বাহে। গৌৰৱ গগৈক তীব্ৰ সমালোচনা অমিত শ্বাহৰ। শ্বাহে কয়, “পাকিস্তানলৈ যোৱা নেতাই অসমক সুৰক্ষা দিব নোৱাৰে।” খানাপাৰাত অমিত শ্বাহৰ মুখত ‘অপাৰেচন সিন্দূৰ’ৰ প্ৰসংগ। ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দিছে উচিত প্ৰত্যুত্তৰ। পেহেলগাম কাণ্ডক লৈ দুখ লাগিছিলনে বুলিও শ্বাহৰ প্ৰশ্ন।
