Tuesday, March 10, 2026
Homeঅসমবিপিএফে যোৱা ১৭ বছৰে দোতমাৰ বাবে একো নকৰিলে

বিপিএফে যোৱা ১৭ বছৰে দোতমাৰ বাবে একো নকৰিলে

  • আজি বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ।
  • অন্তিম দিনত কোকৰাঝাৰত বহু ৰথী -মহাৰথীৰ মনোনয়ন দাখিল ।
  • দোতমা সমষ্টিত শক্তি প্ৰদৰ্শন কৰিলে বিটিচিৰ মুখ্য কাৰ্যবাহী তথা প্ৰাৰ্থী প্ৰমোদ বড়োৱে ।
  • মনোনয়ন দাখিলৰ বাবে দোতমাৰ পৰাই প্ৰমোদ বড়োৰ বিশাল ৰেলী ।
  • দোতমা পথাৰত হাজাৰ হাজাৰ লোকৰ সমাগম ।
  • প্ৰমোদ বড়োক বিপুল আদৰণি , বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকনৃত্যৰে আদৰণি প্ৰমোদ বড়োক ।
  • আতচবাজী – ফটকা ফুটাই আনন্দ প্ৰকাশ ।
  • মনোনয়ন দাখিলৰ বাবে কোকৰাঝাৰলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰমোদ বড়োয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
  • মনোনয়ন দাখিলৰ পূৰ্বে প্ৰমোদ বড়োৰ মন্তব্য ……
  • বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ জন্মভূমি দোতমাৰ স্বাভীমান বচাব লাগিব ।
  • দোতমাক বিটিটিৰ ৪০ টা সমষ্টিৰ ভিতৰত সকলোতকৈ উন্নত সমষ্টি হিচাপে গঢ় দিব লাগিব ।
  • বিপিএফে যোৱা ১৭ বছৰে দোতমাৰ বাবে একো নকৰিলে ।
  • টকা-পইচাই সকলো নহয় , টকা-পইচাই সকলো হোৱা হলে আম্বানীয়ে ভাৰত দখল কৰিলহেতেন ।
  • দোতমাৰ উন্নয়নৰ স্বাৰ্থত ইউপিপিএল দলে মোক প্ৰাৰ্থীত্ব দিছে আৰু ৰাইজৰ আশীষ শিৰত লৈ মই কাম কৰিম ।
  • উল্লেখ্য যে বিজেপিয়ে দোতমা সমষ্টিত মনোৰঞ্জ ব্ৰহ্মক প্ৰাৰ্থীত্ব দিছে আৰু মনোৰঞ্জন ব্ৰহ্ম কেইবা হাজাৰ কোটি টকাৰ সম্পত্তিৰে সকলোতকৈ ধনী প্ৰাৰ্থী বুলি বিবেচিত হৈছে ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments