Thursday, March 12, 2026
Homeঅসমৰাছিয়াৰ মস্কোলৈ বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

ৰাছিয়াৰ মস্কোলৈ বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী কাৰ্যসূচী লৈ অহা ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈ ৰাছিয়াৰ ৰাজধানী মস্কো ভ্ৰমণ কৰিব কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাছিয়ান ফেডাৰেচনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্র্যালয় আৰু ৰাছিয়ান ইউনিয়ন অৱ এন্ট্ৰেপ্ৰেনিয়র্ছ অৱ দ্য টেক্সটাইল এণ্ড এপাৰেল ইণ্ডাষ্ট্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব।

এই বৈঠকসমূহে বাণিজ্য, উদ্যোগ আৰু বস্ত্ৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ লগতে ভাৰত আৰু ৰাছিয়াৰ ব্যৱসায়সমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিব।

১০০ ৰো অধিক ভাৰতীয় প্ৰতিষ্ঠানে এই মেলাত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে, য’ত হস্ততাঁত সামগ্ৰী, হস্তশিল্প, গৃহসজ্জা সামগ্ৰী, গালিচা, চাদৰ এপাৰেল আৰু বিভিন্ন বস্ত্ৰ সামগ্ৰী প্ৰদৰ্শিত হ’ব। এই মেলাত প্ৰায় ১,০০০ স্বদেশী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা উপস্থিত হ’ব বুলি আশা কৰা হৈছে।

যাৰ ফলত ভাৰতীয় ব্যৱসায়সমূহে ৰাছিয়াৰ প্ৰধান আমদানীকাৰী, পাইকাৰী আৰু খুচুৰা বিক্ৰেতাসকলৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ লাভ কৰিব । এই মেলা হেণ্ডলুম এক্সপ’ৰ্ট প্ৰ’মোচন কাউন্সিল (HEPC)-এ আয়োজন কৰিছে।

এই ভ্ৰমণে ভাৰতৰ ৰাছিয়াৰ সৈতে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় বস্ত্ৰ আৰু এপাৰেলৰ ক্ৰমবৰ্ধমান গুৰুত্বক প্ৰতিফলিত কৰিছে। এই সম্পৰ্কীয় বৈঠকসমূহে দ্বিপাক্ষিক বাণিজ্যক শক্তিশালী কৰাৰ লগতে বজাৰ-বৈচিত্ৰ্যক উৎসাহিত কৰিব আৰু দুই দেশৰ নাগৰিকৰ মাজত পাৰস্পৰিক সংযোগ উন্নত কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments