Friday, March 13, 2026
Homeঅসমকানাডাৰ এলবাৰ্টা চলচ্চিত্ৰ মহোৎসৱত কামাল হাচানৰ সৈতে আন্তৰিক কথোপকথন

কানাডাৰ এলবাৰ্টা চলচ্চিত্ৰ মহোৎসৱত কামাল হাচানৰ সৈতে আন্তৰিক কথোপকথন

নগাঁও – ১০ অক্টোবৰ, ২০২৫: ভাৰতৰ যশস্বী অভিনেতা আৰু পৰিচালক কামাল হাচানৰ সৈতে চলচ্চিত্ৰ সমালোচক, চিনেমাৰ ইতিহাসবিদ, পৰিচালক পাৰ্থজিৎ বৰুৱাই কানাডাৰ উইনছফেয়াৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কথোপকথনত চিনেমা সম্পৰ্কে আলোচনা কৰে৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈ বৰুৱাই চলচ্চিত্ৰ মহোৎসৱৰ কেইবাটাও মনোজ্ঞ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

অসম গৌৰৱ ৰীমা দাস, আদিল হুছেইনৰ লগতে দক্ষিণৰ তাৰকা অভিনেতা শিৱা কাৰ্তিকেয়ান আৰু প্ৰতীক গান্ধীৰ লগত অন্তৰংগ অনুষ্ঠানত অংশগ্ৰহণ কৰে বৰুৱাই। সেই অনুষ্ঠানসমূহৰ ভিতৰত সবাতোকৈ আকৰ্ষণীয় আছিল কামাল হাচানৰ সৈতে হোৱা কথোপকথন। অসমীয়া জাতীয় পোছাক ধুতী, পাঞ্জাবী, চেলেং পৰিধান কৰি ডেৰ ঘন্টাজুৰি বৰুৱাই কৰা আলাপ অনুষ্ঠানটো উপভোগ কৰি উপস্থিত দৰ্শক-শ্ৰোতা উপকৃত হয় আৰু উদ্যোক্তাসকলৰ তৰফত পৰাও অনুষ্ঠানটোৰ সফলতাৰ বাবে বৰুৱাক বিশেষভাৱে কৃতজ্ঞতা জনায়।

কামাল হাচানৰ সৈতে আলোচনা হোৱাৰ আগমুহূতৰ্ত ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অৱ আলাবাৰ্টাই যুটীয়াভাৱে কামাল হাচান আৰু অৰিবাম শ্যাম শৰ্মাক জীৱনজোৰা সাধনা, ‘গ’ল্ডেন বিভাৰ বঁটা’ প্ৰদান কৰে৷ চিনেমাৰ সংজ্ঞা বিচাৰি বৰুৱাই কামাল হাচানক সোধা এটি প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “চিনেমা মোৰ পৃথিৱী৷” উল্লেখ্য যে পাৰ্থজিৎ বৰুৱাই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি, চিনেমা-বুৰঞ্জীবিদ আৰু চলচ্চিত্ৰ পৰিচালক যি বিদেশৰ মাটিত কামাল হাচানৰ জীৱন আৰু তেওঁৰ চিনেমা সম্পৰ্কে বিভিন্ন বিষয় আলোচনা কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments