Saturday, March 14, 2026
Homeঅসমজুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ তদন্ত, সংবাদমেলত মুন্নাপ্ৰসাদ গুপ্তাৰ ডাঙৰ ঘোষণা

জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ তদন্ত, সংবাদমেলত মুন্নাপ্ৰসাদ গুপ্তাৰ ডাঙৰ ঘোষণা

জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ তদন্ত সন্দৰ্ভত আজি এখন সংবাদমেল সম্বোধন কৰে অসম আৰক্ষীৰ SDGP মুন্নাপ্ৰসাদ গুপ্তাই

‘‘ছিংগাপুৰলৈ গৈ SITয়ে তদন্ত কৰিব নোৱাৰিব। প্ৰয়োজনত ছিংগাপুৰ আৰক্ষীৰ দ্বাৰাহে তদন্ত কৰিব পৰা যাব। বিদেশ ৰাষ্ট্ৰলৈ গৈ অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে।’’

‘‘MLATৰ অধীনত ছিংগাপুৰলৈ ভাৰত চৰকাৰে পত্ৰ প্ৰেৰণ কৰিছে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ জৰিয়তে ছিংগাপুৰৰ এটৰ্ণি জেনেৰেললৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।’’

ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনক লৈও মন্তব্য কৰে মুন্নাপ্ৰসাদ গুপ্তাই।

‘‘ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনে ভিডিঅ’ কনফাৰেঞ্চযোগে সহযোগিতা আগবঢ়ালে নহ’ব। অসমলৈ তদন্তৰ খাতিৰত আহিবই লাগিব প্ৰতিজন প্ৰবাসী অসমীয়া।’’

উল্লেখযোগ্য যে ১১জন প্ৰবাসী অসমীয়াৰ নাম আহি পৰিছে অসম আৰক্ষীৰ হাতত।

এজন প্ৰবাসী অসমীয়া ইতিমধ্যে উপস্থিত হৈছে।

‘‘ভিছেৰা ৰিপ’ৰ্ট GMCHলৈ প্ৰেৰণ কৰা হ’ব। GMCHৰ বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰিব চূড়ান্ত ৰিপ’ৰ্ট।

চূড়ান্ত ৰিপ’ৰ্টৰ এটা প্ৰতিলিপি পৰিয়ালক প্ৰদান কৰা হ’ব আৰু আদালতত দাখিল কৰা হ’ব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments