- বিজ্ঞান সাধনাৰ এযা যুগৰ অৱসান।
- নোবেল বিজয়ী জেমছ ডি ৱাটছনৰ দেহাৱসান।
- যিয়ে ফ্ৰান্সিছ ক্ৰিকৰ সৈতে যৌথভাৱে ডিএনএৰ গঠন বাখ্যা কৰি ১৯৫৩ চনত লাভ কৰিছিল নোবেল বঁটা।
- মলিকিউলাৰ বায়’লজীৰ ভেটি স্থাপন যাৰ অৱদান আছিল অন্যতম।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭ বছৰ।
- সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছে জনাইছে, লং আইলেণ্ডৰ ক’ল্ডফিল্ড লেব’ৰেটৰী, য’ত তেওঁ দীৰ্ঘদিন ধৰি গৱেষণাৰ কাম চলাই গৈছিল, তাৰ পৰাই বিজ্ঞানীগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হৈছে।
- বিগত ১ সপ্তাৰ ধৰি বাৰ্ধক্যজনিত কাৰণত হাস্পতালত ভৰ্তি হৈ আছিল তেওঁ।
- স্থানীয় সময় অনুসৰি, শুকুৰবাৰে তেওঁৰ দেহাৱসান ঘটে।
- ১৯২৮ চনৰ ৬ এপ্ৰিলত চিকাগোত জন্মগ্ৰহণ কৰিছিল তেওঁ।
- ১৯৪৭ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা জুল’জীত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
- ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰা জুল’জী অৰ্থাৎ প্ৰাণীবিদ্যাত পিএইচডি কৰে তেওঁ।
- ১৯৫০ চনত তেওঁ কেমব্ৰিজৰ কেভেনডিছ লেব’ৰেটৰীত কাম কৰাৰ সময়ত তেওঁ আকৃষ্ট হয় জেনেটিক্স অৰ্থাৎ জিনতত্ত্বৰ প্ৰতি।
- তাত ফ্ৰান্সিছ ক্ৰিকৰ সৈতে সাক্ষাৎ আৰু বন্ধুত্ব গঢ়ি উঠে।
- ইয়াৰ পিছত জেমছ ডি ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিকে যৌথভাৱে ডিএনএৰ ডাবল হেলিক্স ষ্ট্ৰাকচাৰ বাখ্যা কৰে।
- যিয়ে বিংশ শতাব্দীৰ আটাতকৈ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰসমূহৰ অন্যতম বুলি ধৰা হয়।
নোবেল বিজয়ী বিজ্ঞানী জেমছ ডি ৱাটছনৰ দেহাৱসান
RELATED ARTICLES
