প্ৰসংগ: দিল্লীৰ ভয়াৱহ বিস্ফোৰণ।এতিয়ালৈ তদন্তকাৰী সংস্থাই জানিব পাৰিছে যে এই সমগ্ৰ ঘটনাত জড়িত ড০ উমৰ। ড০ উমৰ ফৰিদাবাদ সন্ত্ৰাসবাদী মডিউলৰ সৈতে জড়িত আছিল। এই সন্ত্ৰাসবাদী মডিউল ফাদিলৰ পিছত তেওঁ আতংকিত হৈ পৰে আৰু বিস্ফোৰণৰ ঘটনা সংঘটিত কৰে।
ভূটান ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীত লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপত হোৱা কাৰ বিস্ফোৰণৰ ঘটনাৰ ষড়যন্ত্ৰত জড়িত লোকসকলক ৰেহাই দিয়া নহ’ব। এই বিস্ফোৰণৰ ঘটনাত এতিয়ালৈ ৯জন লোকৰ মৃত্যু হৈছে। প্ৰায় ২০জন লোক আহত হৈছে। মোদীয়ে এই ঘটনাক লৈ কঠোৰ বাৰ্তা দি কয় যে কালি সন্ধিয়া দিল্লীত হোৱা ভয়াৱহ বিস্ফোৰণৰ ঘটনাই সকলোৰে মন ব্যথিত কৰিছে। মই ভুক্তভোগী পৰিয়ালসমূহৰ যন্ত্ৰণা মই উপলব্ধি কৰিছো। আজি সমগ্ৰ দেশ তেওঁলোকৰ সৈতে আচে। মই ওৰেনিশা তদন্তৰ সৈতে জড়িত এজেন্সীৰ সৈতে আছিলো। বিচাৰ-বিবেচনা চলিছে। আমাৰ এজেন্সীসমূহ শিপালৈ যাব আৰু দোষীক ৰেহাই দিয়া নহ’ব।
এতিয়ালৈ তদন্তকাৰী সংস্থাই জানিব পাৰিছে যে এই সমগ্ৰ ঘটনাত জড়িত ড০ উমৰ। ড০ উমৰ ফৰিদাবাদ সন্ত্ৰাসবাদী মডিউলৰ সৈতে জড়িত আছিল। এই সন্ত্ৰাসবাদী মডিউল ফাদিলৰ পিছত তেওঁ আতংকিত হৈ পৰে আৰু বিস্ফোৰণৰ ঘটনা সংঘটিত কৰে। এই সন্ত্ৰাসবাদী মডিউলৰ পৰা প্ৰায় ২৯০০ কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ হৈছিল। বিস্ফোৰণৰ পিছত এখন কটা হাত পোৱা গৈছিল। তদন্তকাৰী সংস্থাই ধাৰণা কৰিছে যে এই কটা হাতখন ড০ উমৰৰ। এতিয়া ডিএনএ টেষ্টৰ জৰিয়তে এয়া নিশ্চিত কৰাৰ চেষ্টা চলোৱা হৈছে যে হাতখন উমৰৰ আছিল। ধাৰণা কৰা হৈছে যে এয়া এক আত্মঘাতী আক্ৰমণ আছিল আৰু এই আক্ৰমণত ড০ উমৰে নিজকে শেষ কৰিছে।
