জনজাতিকৰণ দাবীত স্মাৰকপত্ৰ প্ৰদানঃআছাৰ
—————————-
অসমৰ আদিবাসী সকলক শীঘ্ৰে জনজাতিকৰণ (অনুসূচীতকৰণ)প্ৰদান কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ পাচ জনীয়া সজাতি দলে দিল্লীত কেন্দ্ৰীয় জনজাতি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জোৱেল ওৰামক লগ ধৰি স্মাৰকপত্ৰ প্ৰদান কৰি শীঘ্ৰে জনজাতিকৰণ সমস্যাটো সামাধান কৰাৰ বিষয়ে দাবী উত্থাপন কৰে ৷ ৰাজধানী চহৰত যোৱা কেইবাদিন ধৰি বাহৰ পাতি থকা সজাতি দলটোৱে আদিবাসী সকলক জনজাতি কৰণৰ বিষয়টো বিভিন্ন বিভাগত তথ্য সংগ্ৰহ কৰাৰ লগতে বিষয়াসকলক লগ ধৰিছে বুলি সংবাদ মাধ্যমক আছাৰ সাধাৰণ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে ৷
বিজেপি নেতৃতাধীন ৰাজ্য চৰকাৰখনে আদিবাসী সকলৰ জনজাতিকৰণৰ (অনুসুচীকৰণ)বাবে ২৮ নৱেম্বৰত শীতকালীন বিধানসভা অধিবেশনত ইতিমধ্যে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰি কেন্দ্ৰীয় চৰকাৰলৈ পেৰণ কৰিছে ৷ সংগঠনটোৱে মন্ত্ৰীগোটৰ অতি ফলপ্ৰসূ প্ৰতিবেদনখন শুদ্ধ ৰূপত পঠিয়াছে বুলি আছাৰ সজাতি দলটো আশা ব্যক্ত কৰিছে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আদিবাসী সকলৰ জনজাতিকৰণৰ বিষয়টো পূৰ্বৰ অসম গণ পৰিষদ আৰু কংগ্ৰেছ চৰকাৰৰ দৰে জানি শুনি বিলম্ব নকৰি লগতে ৰাজনীতিকৰণ নকৰি ক্ষীপ্ৰতাৰে আগবঢ়াই লৈ যোৱাৰ আশা ব্যক্ত কৰিছে ৷
কেন্দ্ৰীয় জনজাতি মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন পোৱা লগে লগে জনজাতিকৰণ বিষয়টো আগবঢ়াই নিয়াৰ আশ্বাস প্ৰদান কৰে সজাতি দলটোক ৷ জনজাতি মন্ত্ৰী গৰাকী ২০১৯ চনত ৯ মাৰ্চত ৰাজ্যসভাত জনজাতি বিল উত্থাপন কৰা বিষয়টো আছাৰ প্ৰতিনিধি দলটোক অৱগত কৰে ৷
২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ আগত অসমৰ আদিবাসী সকলক জনজাতি ময্যদা প্ৰদান নকৰিলে আদিবাসী সমাজৰ বিভিন্ন জাতি জনজাতিৰ বিজেপি দলৰ পৰা সম্পূৰ্ণ আস্থা নাইকিয়া হব আৰু আদিবাসী ছাত্ৰ সন্থা (আছা) ৰাজনৈতিক আন্দোলন কৰি বিজেপিক অসমৰ পৰা উৎসাহ কৰাৰ ৰাজ্যজুৰি আদিবাসী গাওঁ বাগিচা অঞ্চলত সজাগ কৰি সংকল্প গ্ৰহণ কৰিব ৷ সজাতি দলটোত আছা সভাপতি ৰেজান হৰো মূখ্য উপদেষ্টা অনিল টপ্প ,সাধাৰণ সম্পাদক দেবেন উৰাং উপ সভাপতিদ্বয় ডেভিদ তিৰ্কী ,AWDC ৰ কায্যবাহী সদস্য অমিত বেগ উপস্থিত আছিল বুলি সাধাৰণ সম্পাদক গৰাকী এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে ৷
