জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। কাহিলীপাৰাৰ বাসগৃহত আয়োজিত সংবাদমেলত গৰিমা শইকীয়া গাৰ্গে মন্তব্য।
‘‘জুবিন নোহোৱাত সকলো স্থবিৰ হৈ পৰিছে। নতুন বছৰ সকলোৰে বাবে ভাল হওক। জুবিন বিষয়ক সকলো কাম সুচাৰুৰূপে হওক। দুসময়ৰ মাজতো আমি আগবাঢ়িব খুজিছো।’’ কৰিবলগীয়া কামখিনি সততাৰে কৰিব লাগিব। জুবিনে তেওঁক মনত ৰখাতকৈ তেওঁৰ সৃষ্টি মনত ৰখাটো বিচাৰিছিল। জুবিনে জীৱনৰ ধুমুহা বহু সাহসেৰে পাৰ কৰিছিল। কাম আৰু সৃষ্টিৰে বেয়া সময়তো থিয় হৈ আছিল। তেওঁৰ আদৰ্শ, সত্ত্বা আমি জীয়াই ৰাখিব লাগিব।
‘‘জুবিন গাৰ্গ অসম আৰু অসমবাসীৰ প্ৰাণে প্রাণে চিৰদিন চিৰবৰ্তমান এক সত্ত্বা। এই সত্ত্বাটোৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ স্বপ্ন আৰু কৰ্ম, সাধনা আৰু সৃষ্টি, আদর্শ আৰু বিশ্বাসকো আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব।’’ শিল্পীগৰাকীৰ পৰিয়াল, আত্মীয়-স্বজন, আৰু অগ্রজ-অনুজ, ভাতৃ-বন্ধুৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শেৰে আমি এক নতুন পদক্ষেপ ল’বলৈ আগবাঢ়িছোঁ। সমাজ, সংস্কৃতি, প্রকৃতি তথা নতুন প্ৰজন্মৰ কল্যাণৰ বাবে জুবিন গার্গে অলেখ সপোন দেখিছিল, আৰু সেইবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল।
শিল্পীগৰাকীৰ সেই চেতনাক সাৰোগত কৰি, ৰাইজৰ সহায়-সহযোগিতা আৰু অভিভাৱকত্বৰ কামনাৰে আমি জুবিন গাৰ্গৰ নামত এটি ট্রাষ্ট বা ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ।এই ট্রাষ্টৰ যোগেদি জুবিন গাৰ্গৰ আদর্শেৰেই তেখেতৰ প্ৰিয় প্ৰকৃতি, মানুহ, সমাজ, সংস্কৃতি আৰু নতুন পুৰুষৰ বাবে আমি কাম কৰি যাম। এই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে আমি আমাৰ খাৰঘূলিৰ যিটো property-সেইটো এই উদ্দেশ্যৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ। আমাৰ আশা- জুবিন গাৰ্গৰ সপোনৰ ঘৰটোৰ পৰাই তেখেতৰ আদৰ্শ আৰু দৰ্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক।
জুবিন গাৰ্গে কৰি যোৱাৰ দৰেই এই ট্রাষ্টে ‘কলাগুৰু আর্টিষ্ট ফাউণ্ডেশ্যন’ৰ যোগেদি বিভিন্ন সামাজিক-সাংস্কৃতিক দিশত কাম কৰি যাব। শিল্পীগৰাকীয়ে তেখেতৰ ভগ্নীৰ নামত প্রতিষ্ঠা কৰি থৈ যোৱা ‘অভিনয়াঃ জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ’ৰ যোগেদি নতুন প্ৰজন্মৰ বাবে বিভিন্ন সাংস্কৃতিক পদক্ষেপ আমি গ্রহণ কৰি যাম। তাৰ লগতে, জুবিন গাৰ্গৰ যিখিনি বৌদ্ধিক উত্তৰাধিকাৰ বা intellectual property, সেইবোৰৰ যথোপযুক্ত সংৰক্ষণৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰা হ’ব। জুবিন গাৰ্গৰ জীৱন আৰু কৰ্ম, তেখেতৰ কৃতি-কৃতিত্ব আৰু সাংস্কৃতিক-সামাজিক অৱদান সম্পর্কে বিদ্যায়তনিক আৰু প্ৰণালীবদ্ধভাৱে চৰ্চা কৰাৰ উদ্দেশ্যেৰে এটি বিশেষ গবেষণা গোট বা dedicated research wing গঠন কৰা হ’ব যিয়ে নিয়মীয়াকৈ শিল্পীগৰাকীক লৈ বৌদ্ধিক অন্বেষণ কৰি যাব।
