Tuesday, June 2, 2026
Homeঅসমকান্দি কান্দি জুবিন গাৰ্গৰ খাৰঘূলিৰ বাসগৃহটো ন্যাসৰ নামত উৎসৰ্গা কৰিলে পত্নী গৰিমা...

কান্দি কান্দি জুবিন গাৰ্গৰ খাৰঘূলিৰ বাসগৃহটো ন্যাসৰ নামত উৎসৰ্গা কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। কাহিলীপাৰাৰ বাসগৃহত আয়োজিত সংবাদমেলত গৰিমা শইকীয়া গাৰ্গে মন্তব্য।

‘‘জুবিন নোহোৱাত সকলো স্থবিৰ হৈ পৰিছে। নতুন বছৰ সকলোৰে বাবে ভাল হওক। জুবিন বিষয়ক সকলো কাম সুচাৰুৰূপে হওক। দুসময়ৰ মাজতো আমি আগবাঢ়িব খুজিছো।’’ কৰিবলগীয়া কামখিনি সততাৰে কৰিব লাগিব। জুবিনে তেওঁক মনত ৰখাতকৈ তেওঁৰ সৃষ্টি মনত ৰখাটো বিচাৰিছিল। জুবিনে জীৱনৰ ধুমুহা বহু সাহসেৰে পাৰ কৰিছিল। কাম আৰু সৃষ্টিৰে বেয়া সময়তো থিয় হৈ আছিল। তেওঁৰ আদৰ্শ, সত্ত্বা আমি জীয়াই ৰাখিব লাগিব।

জুবিন গাৰ্গৰ নামত ন্যাস গঠন হ’ব। জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব ন্যাসে। পৰিয়াল, বন্ধু, শুভাকাংক্ষী থাকিব এই ন্যাসত। ন্যাসৰ নামত খাৰঘুলিৰ ঘৰটো দান কৰা হ’ব। জুবিনৰ গান, প্ৰকৃতি, সমাজ সেৱাৰ হকে কাম কৰিব এই ন্যাসে।
 এই ন্যাস পৰিচালনা কৰিব আমাৰ খুড়া মনোজ বৰঠাকুৰ, পাৰ্থ সাৰথি মহন্ত, গৌতম শৰ্মাই। কলাগুৰু ফাউণ্ডেচনে সামাজিক-সাংস্কৃতিক কাম-কাজসমূহ আগবঢ়াই নিব। অভিনয়া আৰু কলাগুৰু ফাউণ্ডেচন থাকিব এই ন্যাসৰ অধীনত।
ৰাজ্য চৰকাৰে জুবিনৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ SGSTৰ ধন প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়া সোনকালে হোৱাৰ আশা গৰিমা শইকীয়া গাৰ্গৰ।
গৰিমা শইকীয়া গাৰ্গৰ প্ৰেছ বিজ্ঞপ্তি

‘‘জুবিন গাৰ্গ অসম আৰু অসমবাসীৰ প্ৰাণে প্রাণে চিৰদিন চিৰবৰ্তমান এক সত্ত্বা। এই সত্ত্বাটোৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ স্বপ্ন আৰু কৰ্ম, সাধনা আৰু সৃষ্টি, আদর্শ আৰু বিশ্বাসকো আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব।’’ শিল্পীগৰাকীৰ পৰিয়াল, আত্মীয়-স্বজন, আৰু অগ্রজ-অনুজ, ভাতৃ-বন্ধুৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শেৰে আমি এক নতুন পদক্ষেপ ল’বলৈ আগবাঢ়িছোঁ। সমাজ, সংস্কৃতি, প্রকৃতি তথা নতুন প্ৰজন্মৰ কল্যাণৰ বাবে জুবিন গার্গে অলেখ সপোন দেখিছিল, আৰু সেইবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল।

শিল্পীগৰাকীৰ সেই চেতনাক সাৰোগত কৰি, ৰাইজৰ সহায়-সহযোগিতা আৰু অভিভাৱকত্বৰ কামনাৰে আমি জুবিন গাৰ্গৰ নামত এটি ট্রাষ্ট বা ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ।এই ট্রাষ্টৰ যোগেদি জুবিন গাৰ্গৰ আদর্শেৰেই তেখেতৰ প্ৰিয় প্ৰকৃতি, মানুহ, সমাজ, সংস্কৃতি আৰু নতুন পুৰুষৰ বাবে আমি কাম কৰি যাম। এই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে আমি আমাৰ খাৰঘূলিৰ যিটো property-সেইটো এই উদ্দেশ্যৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ। আমাৰ আশা- জুবিন গাৰ্গৰ সপোনৰ ঘৰটোৰ পৰাই তেখেতৰ আদৰ্শ আৰু দৰ্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক।

জুবিন গাৰ্গে কৰি যোৱাৰ দৰেই এই ট্রাষ্টে ‘কলাগুৰু আর্টিষ্ট ফাউণ্ডেশ্যন’ৰ যোগেদি বিভিন্ন সামাজিক-সাংস্কৃতিক দিশত কাম কৰি যাব। শিল্পীগৰাকীয়ে তেখেতৰ ভগ্নীৰ নামত প্রতিষ্ঠা কৰি থৈ যোৱা ‘অভিনয়াঃ জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ’ৰ যোগেদি নতুন প্ৰজন্মৰ বাবে বিভিন্ন সাংস্কৃতিক পদক্ষেপ আমি গ্রহণ কৰি যাম। তাৰ লগতে, জুবিন গাৰ্গৰ যিখিনি বৌদ্ধিক উত্তৰাধিকাৰ বা intellectual property, সেইবোৰৰ যথোপযুক্ত সংৰক্ষণৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰা হ’ব। জুবিন গাৰ্গৰ জীৱন আৰু কৰ্ম, তেখেতৰ কৃতি-কৃতিত্ব আৰু সাংস্কৃতিক-সামাজিক অৱদান সম্পর্কে বিদ্যায়তনিক আৰু প্ৰণালীবদ্ধভাৱে চৰ্চা কৰাৰ উদ্দেশ্যেৰে এটি বিশেষ গবেষণা গোট বা dedicated research wing গঠন কৰা হ’ব যিয়ে নিয়মীয়াকৈ শিল্পীগৰাকীক লৈ বৌদ্ধিক অন্বেষণ কৰি যাব।

জুবিন গাৰ্গৰ পঢ়াশলীয়া জীৱনৰ কেইবাগৰাকীও বন্ধু-বান্ধৱ, যি নিজ নিজ ক্ষেত্ৰত বিশেষভাবে প্রতিষ্ঠিত, তেওঁলোকৰ লগতে ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, প্রশাসনিক তথা সংবাদ জগতৰ বহুকেইগৰাকী অগ্রজ-অনুজ ভাতৃ-বন্ধুৰ সহযোগিতাৰে আমি এই পদক্ষেপ হাতত লৈছোঁ। জুবিন গার্গে তেওঁৰ সেনাবাহিনী বুলি অভিহিত কৰা ‘জুবিন ফেন ক্লাব’ এই পৰিকল্পনাৰো সহযাত্রী হৈছে।জুবিন গাৰ্গৰ নামত গঠন হ’বলগীয়া এই ট্রাষ্টৰ প্ৰাৰম্ভিক পৰ্যায়ত সংবাদ মাধ্যমৰ যোগেদি আমি অসমবাসীৰ আশীষ বিচাৰিছোঁ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments