শনিবাৰে সম্পন্ন হয় জুবিন গাৰ্গৰ মৃত্যু-ঘটনাৰ শুনানি প্ৰক্ৰিয়া। ১৭ জানুৱাৰীত হ’ব জুবিন গাৰ্গ হত্যাৰ পৰৱৰ্তী শুনানি।শনিবাৰে শুনানিত উপস্থিত আছিল গৰিমা শইকীয়া গাৰ্গ। শুনানিৰ অন্তত সংবাদ মাধ্যমৰ অন্তত কেইবাটাও কৰে ডাঙৰ মন্তব্য কৰে গৰিমাই। চৰকাৰক শীঘ্ৰেই ফাষ্টট্ৰেক কোৰ্ট গঠনৰ বাবে আহ্বান জনাই গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গেও নিয়োগ কৰিছে অধিবক্তা।
অভিযুক্তকেইটাক ‘দানৱ’ বুলি অভিহিত কৰি কঠোৰ শাস্তিৰ দাবী কৰে গৰিমাই।
পৰৱৰ্তী শুনানিত চাৰ্জফ্ৰেম হ’ব ৭ অভিযুক্তৰ। আজি শ্যামকানু, সিদ্ধাৰ্থ আৰু শেখৰে নিয়োগ কৰিলে অধিবক্তা। শ্যামকানু মহন্তই নিয়োগ কৰিছে কলকাতাৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীক। শেখৰজ‍্যোতি গোস্বামীয়ে নিয়োগ কৰিছে অধিবক্তা এছ. কলিতাক। সিদ্ধাৰ্থ শৰ্মায়ো নিয়োগ কৰিছে কলকাতাৰ অধিবক্তা অনিল মিশ্ৰক।ইপিনে, অমৃতপ্ৰভা মহন্তৰ হৈ আজি জামিন আবেদন দাখিল কৰিছিল অভিযুক্তগৰাকীৰ অধিবক্তা আনন কুমাৰ ভূঞাই। অৱশ্যে আদালতে নাকচ কৰে অমৃতপ্রভাৰ জামিন আবেদন।
