মাৰ্ঘেৰিটাৰ বৰগোলাইত অনুষ্ঠিত হ’ব লগীয়া ২১ সংখ্যক আদিবাসী মহাসভাৰ আজি লাইখুটা স্থাপন কৰা হয়।
লাইখুটা স্থাপন কৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰেজান হৰৰ,সাধাৰণ সম্পাদক দেৱেন ঊৰাং,উপঃসভাপতি ইচ্ছাক এক্কা, মৰাণ স্বায়ত্ত পৰিষদৰ চেয়াৰমেন অৰুণজ্যোতি মৰাণসহ বিভিন্ন দল সংগঠনৰ কেইবাগৰাকীও প্ৰতিনিধি।
মাৰ্ঘেৰিটাৰ বৰগোলাই দিহিং ক্ৰীড়া প্ৰকল্পৰ খেল পথাৰত ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰী লৈ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ২১ আদিবাসী মহাসভা
অভ্যৰ্থনা সমিতিয়ে প্ৰতিটো দিনৰ কাৰ্যসূচী ৰাইজৰ সহায় সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিছে।
