বৰপথাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷
কেইবাটাও কাৰ্যসূচীৰে সোমবাৰে সৰুপথাৰ সমজিলাৰ বৰপথাৰত বিয়লি ১.৩০ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হেলিকপ্তাৰেৰে উপস্থিত হয় ৷
সৰুপথাৰত ৭২ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলাৰ লগতে শিলান্যাসৰ কাৰ্যসূচীত ৰূপায়ণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
১২ কৌটি ব্যয় সাপেক্ষে বৰপথাৰ লাভলীনা ক্ৰীড়া প্ৰকল্প, ৮ কৌটি ব্যয়সাপেক্ষে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, বৰপথাৰ শিশু উদ্যান উদ্বোধনৰ কৰে ৷ লগতে বৰপথাৰ গেলাবিল, বৰপথাৰ দুৱৰণি পথৰ চোৱা মুকলি কৰাৰ লগতে বৰপথাৰ পৰা গোলাঘাট অসম মালা পথ আৰু দুটাকৈ মথাউৰিৰ শিলান্যাস কৰাৰ উপৰি সৰুপথাৰৰ ২৩,৭৫৪ গৰাকী হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ধনৰাশিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্রী গৰাকীয়ে।
বিজেপি চৰকাৰৰ পূৰ্বে মহিলা সকলৰ বাবে কোনেও চিন্তা কৰা নাছিল। প্ৰথমবাৰৰ বাবে বিজেপিয়ে মহিলা সকলৰ বাবে চিন্তা কৰিছে।
এইখন কনকলতাৰ, ভোগেশ্বৰী ফুকননীৰ, সতী ৰাধিকাৰ দেশ। আগতে কোনেও অসমত মহিলাক গুৰুত্ব দিয়া নাছিল। কংগ্রেছৰ দিনত কেৱল লুঙি-ধূতি, সূতা-কম্বলৰ ৰাজনীতি চলিছিল।
অৰোণোদয় আঁচনি এতিয়া মহিলা সকলৰ বাবে ঘৰখনৰ উপাৰ্জনৰ পথ। অৰোণোদয় আঁচনিয়ে মহিলা সকলৰ সন্মান বঢ়াইছে বুলি মতপোষণ কৰে ৷
সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা , সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন. বিত্ত মন্ত্ৰী অজন্তা নেওগকে আদি কৰি কেবাজনো গন্যমান্য ব্যক্তি উপস্থিত থাকে আৰু ৩০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷
