জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াৰ দ্ৰুত অগ্ৰগতি নিশ্চিতকৰণ কৰিবলৈ শুকুৰবাৰে অসম কেবিনেটে চৰকাৰী অধিবক্তাৰ এটা দল নিযুক্তিত অনুমোদন জনাইছে।কেবিনেটে চৰকাৰী অধিবক্তাৰ দলটো ঘোষণা কৰাৰ পাছত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।
সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিছে ‘‘আজি Public Prosecutorৰ Teamটো ঘোষণা কৰা হ’ল। সৰ্বশ্ৰী জিয়াউৰ কামাৰ মহোদয়কে প্ৰমুখ্য কৰি ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰ ডাঙৰীয়ালৈ আমাৰ নমস্কাৰ, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আইনৰ পৃথিৱীখনত আপোনালোকৰ প্ৰজ্ঞা, বহুবছৰজোৰা সাধনা আৰু অভিজ্ঞতা আমাৰ বাবে সাহস আৰু শকতি। এতিয়া কেৱল অসমেই নহয়, সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল, সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰুৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব।’’‘‘আশা কৰিছোঁ, আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাব। তাৰবাবে আমাৰ পৰিয়ালৰ লগতে সমূহ ৰাইজৰ প্ৰাৰ্থনা, শুভকামনা আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ আছে, সদায় থাকিব।’’
‘‘দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সদায় আস্থা আছে। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতি অসম চৰকাৰৰ সম্পূৰ্ণ দায়িত্ব আছে। লগতে জড়িত হৈ আছে সমগ্ৰ ৰাইজৰ অনুভৱ, আৱেগ আৰু অভিমান। যিহেতু এই যুঁজখন হত্যাকাৰী নৰপিশাচকেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ। আপোনালোকে এই বিচাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ আৰু ফলপ্ৰসূ কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ।’’
‘‘সদায় বিচৰাৰ দৰেই অসমৰ ৰাইজ, চৰকাৰ, ন্যায় ব্যৱস্থা সকলোৰে সহায়, সম্পূৰ্ণ-সহযোগিতা, সঠিক আৰু শুদ্ধ দিহা পৰামৰ্শও বিচাৰিছোঁ। আমাৰ সহায় হৈ থাকক সকলো! ভগৱান আমাৰ সহায় হওক আৰু বিজয় সুনিশ্চিত কৰক।’’
