- মহাৰাষ্ট্ৰৰ বাৰামতীত ভয়ংকৰ বিমান দুর্ঘটনা
- দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু
- অৱতৰণৰ সময়তে দুর্ঘটনাগ্রস্ত হৈছিল বিমানখন
- মুম্বাইৰ পৰা বাৰামতীলৈ গৈ আছিল NCP নেতাজন
- বিমানখনত থকা অজিত পাৱাৰসহ ৬ গৰাকীৰেই মৃত্যুৰ খবৰ
- পুৱা ৮:৪৫ বজাত সংঘটিত হৈছিল এই দুর্ঘটনা
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোকপ্ৰকাশ
- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শোকপ্ৰকাশ
- মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গভীৰ শোকপ্ৰকাশ
- শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ
- মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলে সাংসদ প্ৰিয়ংকা গান্ধীয়ে
- মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ শোকপ্ৰকাশ
- দুৰ্ঘটনাৰ উচিত তদন্তৰ দাবী মুখ্যমন্ত্ৰীগৰাকীৰ।
- শিৱ সেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ শোকপ্ৰকাশ
- শোকপ্ৰকাশ সাংসদ এন.কে. প্ৰেমচন্দ্ৰনৰ
- দুৰ্ঘটনাৰ উচিত তদন্তৰ দাবী কৰিলে সাংসদগৰাকীয়ে।
- শোকপ্ৰকাশ কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীৰ
-
অজিত পাৱাৰৰ আকস্মিক মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰিছে। ৬৬ বছৰ বয়সৰ অজিত পাৱাৰ বিগত ৪০ বছৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত সক্ৰিয় হৈ আছিল। অজিত পাৱাৰৰ সাহসী সিদ্ধান্ত আৰু স্পষ্টবাদী মন্তব্যই তেওঁক ধাৰাবাহিকভাৱে শিৰোনামত ৰাখিছিল। তেওঁৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক শূন্যতা সৃষ্টি হৈছে।অজিত পাৱাৰৰ গৃহ জিলা মহাৰাষ্ট্ৰৰ বাৰমতী অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। বাৰমতী পুনে জিলাত আৰু এই বিমান বন্দৰটো সৰু সৰু বিমানৰ বাবে ব্যৱহাৰ কৰা হয়। অজিত পাৱাৰৰ বিমানখন মুম্বাইৰ পৰা বাৰমতীলৈ গৈ আছিল। মুম্বাইৰ পৰা পুৱা ৮.১০ বজাত ৰাওনা হৈছিল বিমানখন। প্ৰবল বৰষুণ বা অৱতৰণৰ সময়ত হোৱা কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে যদিও চৰকাৰীভাৱে কোনো ধৰণৰ নিশ্চিতকৰণ কৰা হোৱা নাই।
