মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলৈ সাজু হৈছে সুনেত্ৰা পাৱাৰ। আজি শনিবাৰে সন্ধিয়া ৫ বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি দলৰ নেতৃত্বই প্ৰকাশ কৰিছে
বুধবাৰে বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ আকস্মিক মৃত্যুৰ পিছত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ পদ খালী হৈ পৰে। সেই খালী পদ পূৰণৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ইফালে দলীয় সূত্ৰই জনোৱা মতে, অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰেই এই দায়িত্ব ল’বলৈ সন্মত হৈছে।
শনিবাৰে বিয়লি ২ বজাত NCPৰ বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হৈছে বুলি দলটোৰ ৰাজ্যিক সভাপতি সুনীল তাটকাৰেই জনায়। বিধানসভা আৰু বিধান পৰিষদৰ সদস্যসকলৰ লগতে সাংসদসকলো উপস্থিত থাকিব। সভাত দলৰ মুৰব্বী নিৰ্বাচিত হ’ব আৰু এই সিদ্ধান্ত মুখ্যমন্ত্ৰীক অৱগত কৰা হ’ব। ইয়াৰ পূৰ্বে ভুজবলে কৈছিল যে ৩১ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিধায়ক বৈঠকত সুনেত্ৰা পাৱাৰৰ নাম দলৰ মুৰব্বী হিচাপে ঘোষণা কৰা হ’ব।
বৰ্তমান সুনেত্ৰা পাৱাৰ ৰাজ্যসভাৰ সাংসদ। মহাৰাষ্ট্ৰ বিধানসভা বা বিধান পৰিষদৰ সদস্য নহয়। কিন্তু অজিত পাৱাৰৰ মৃত্যুৰ বাবে পুনে জিলাৰ বাৰামাটি বিধানসভা সমষ্টিটো খালী হৈ পৰিছে। ভুজবলে লগতে কয় যে জ্যেষ্ঠ নেতা প্ৰফুল্ল পেটেল আৰু সুনীল তাটকাৰে শোকৰ সময় কিমান দিন হ’ব – তিনিদিন বা দহ দিন আদি কিছুমান কাৰিকৰী বিষয়ৰ ওপৰত নজৰ ৰাখিছে। বিধায়িনী বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। সুপ্ৰিয়া চুলৰ সলনি সুনেত্ৰা পাৱাৰ কিয় এই প্ৰশ্নৰ সন্দৰ্ভত দলৰ সূত্ৰই কয় যে অজিত পাৱাৰৰ শিবিৰৰ অধিকাংশ নেতাই সুনেত্ৰাক উপ-মুখ্যমন্ত্ৰী হিচাপে আৰু দলৰ মুখ হিচাপে বিচাৰে।
