Tuesday, March 10, 2026
Homeৰাজনৈতিককি কি আছে নিৰ্মলা সীতাৰমণৰ বাজেটত?

কি কি আছে নিৰ্মলা সীতাৰমণৰ বাজেটত?

আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নৱমবাৰৰ বাবে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। ইতিহাসত দ্বিতীয়বাৰৰ বাবে দেওবাৰে দাখিল হ’ল কেন্দ্ৰীয় বাজেট। কি কি আছে নিৰ্মলা সীতাৰমণৰ বাজেটত।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে আমি দেশৰ দৰিদ্ৰতা দূৰ কৰাৰ বাবে বহু কাম কৰিছো। নতুন নতুন প্ৰযুক্তিৰ উন্মেষ ঘটিছে, যাৰ ফলত বহু পৰিৱৰ্তন আহি পৰিছে। বিগত ১২ বছৰে আমাৰ চৰকাৰে বিনিয়োগ বৃদ্ধিৰ কাম কৰি আহিছে।”আমাৰ প্ৰথম কৰ্তব্য হৈছে অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি কৰা। এই অশান্ত বৈশ্বিক পৰিৱেশত আমি সুস্থিৰ হৈ থাকিব লাগিব। বাজেটখনে প্ৰতিজন দৰিদ্ৰ ব্যক্তিক উপকৃত কৰিব। সংস্কাৰ এক্সপ্ৰেছ দ্ৰুতগতিত আগবাঢ়িছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।”

, “আমি উৎপাদন খণ্ডত গুৰুত্ব দিছো। পুৰণি খণ্ড শক্তিশালী কৰা, এমএছএমই শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছো। আমি নিশ্চিত কৰিব বিচাৰো যে আমি নিৰাপত্তা শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক খণ্ডকো শক্তিশালী কৰিম।”

“আমি উৎপাদন খণ্ডত গুৰুত্ব দিছো। পুৰণি খণ্ড শক্তিশালী কৰা, এমএছএমই শক্তিশালী কৰা। আমি নিশ্চিত কৰিব বিচাৰো যে আমি নিৰাপত্তা শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক খণ্ডকো শক্তিশালী কৰিম।” বায়’ফাৰ্মাৰ ওপৰত আমাৰ গুৰুত্ব থাকিব। আমি ১০ হাজাৰ কোটি আবণ্টন দিছো। তিনিটা প্ৰতিষ্ঠান স্থাপন কৰা হ’ব। বৰ্তমান আমাৰ সাতটা প্ৰতিষ্ঠান আছে, যিবোৰ আৰু অধিক সম্প্ৰসাৰণ কৰা হ’ব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে ভাৰতক ছেমিকণ্ডাক্টৰৰ হাব হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে কাম কৰি আছে। ছেমিকণ্ডাক্টৰৰ বাবে ৪০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে।
MSME বিকাশৰ পথত ডাঙৰ সাৰথী। আমি বিচাৰো যে চেম্পিয়নৰ দৰে আমি ইয়াক আগবঢ়াই লৈ যাম। আমি ইয়াৰ বাবে ১০ হাজাৰ কোটি টকা আগবঢ়াইছো যাতে উদ্যোগীসকল লাভান্বিত হয়।
মহাত্মা গান্ধী গ্ৰাম স্বৰাজ পদক্ষেপৰ প্ৰস্তাৱ বাজেটত। ইয়াৰ দ্বাৰা শিপিনী আৰু কুটিৰ উদ্যোগসমূহ লাভৱান হ’ব। দৰিদ্ৰ গ্ৰাম্য যুৱক-যুৱতী লাভৱান হ’ব। ক্ৰীড়া সম্পৰ্কীয় সামগ্ৰী প্ৰস্তুত কৰাৰ সম্ভাৱনা ভাৰতত আছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে ওড়িশা, কেৰালা, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত ৰেয়াৰ আৰ্থ কৰিড’ৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি তিনিখন কেমিকেল পাৰ্কো নিৰ্মাণ কৰা হ’ব।
বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে দেশত ২২টা নতুন জলপথ নিৰ্মাণ কৰা হ’ব।
বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে ঘোষণা কৰে যে দেশত কেঞ্চাৰ আৰু ডায়েবেটিছৰ ঔষধ সুলভ হ’ব।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত ৰেচন, মৰাপাট আৰু ঊণৰ বাবে ৰাষ্ট্ৰীয় ফাইবাৰ যোজনাৰ ঘোষণা কৰে।
বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ওড়িশা, কেৰালা আৰু ছত্তীশগড়ত মাইনিং কৰিড’ৰ নিৰ্মাণ কৰা হ’ব।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বিত্তীয় স্থিৰতাৰ বাবে দেশত বেংকিঙক লৈ কমিটী গঠন কৰা হ’ব। আমি গ্ৰাহকৰ সুৰক্ষাৰ বাবে নতুন উচ্চতম স্তৰত কাম কৰিব বিচাৰো।
নিৰ্মলা সীতাৰমণে কয়, ‘‘আমি যোৱা ১০ বছৰত ২২ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছো। আমাৰ চৰকাৰে সেৱা খণ্ডত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছে। ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা পূৰণৰ বাবে শিক্ষাৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থাপনলৈকে উদ্যম স্থাপন হোৱা উচিত।
জোতা, বেটাৰী, চামৰাৰ সামগ্ৰী, সৌৰশক্তি উৎপাদনৰ সঁজুলি, কৰ্কট ৰোগ সম্পৰ্কীয় ১৭বিধ ঔষধ, মাইক্ৰ’ৱেভ অ’ভেন, ৭টা জটিল ৰোগৰ ঔষধৰ দাম হ্ৰাস পাব। লগতে দাম কমিব ইলেকট্ৰিক বাহন, বিমানৰ টিকট, বায়’গেছ চিলিণ্ডাৰৰ। বৃদ্ধি পাব সুৰাৰ দাম।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments