Tuesday, March 10, 2026
Homeঅসমসদৌ চাওঁতাল ছাত্ৰ সন্থা (এছু)ৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাতি দলে সাক্ষাৎ কৰে...

সদৌ চাওঁতাল ছাত্ৰ সন্থা (এছু)ৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাতি দলে সাক্ষাৎ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক

সদৌ চাওঁতাল ছাত্ৰ সন্থা (এছু)ৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাতি দলে সাক্ষাৎ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক । অসমৰ চাওঁতাল জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে সজাতি দলটোৱে। তদুপৰি সদৌ চাওঁতাল ছাত্ৰ সন্থা সজাতি দলটোৱে বিটিচি অঞ্চলত সংঘটিত গোষ্ঠীগত সংঘৰ্ষৰ স্থায়ী সমাধানৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু চাওঁতাল ছাত্ৰ সন্থাৰ অংশগ্ৰহণৰে ত্ৰিপাক্ষিক বৈঠক আহ্বানৰ দাবী জনায়।

এই দাবীসমূহ পূৰণ হ’লে চাওঁতাল জনগোষ্ঠীৰ সামাজিক আৰু অৰ্থনৈতিক উন্নতি সাধন হ’ব বুলি সাক্ষাৎকালত আলোচনা কৰা হয়। সাক্ষাৎকালত ৰাষ্ট্ৰপতিগৰাকীয়ে সম্পূৰ্ণ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সজাতি দলটোত উপস্থিত থাকে সভাপতি বিমল কুমাৰ হেমব্ৰম, সাধাৰণ সম্পাদক দিপাংকৰ হেমব্ৰম, উপসভাপতি দুৰ্গা চৰেন, ৰাজেশ টুডু, সম্পাদক ইজমাইল হেমব্ৰম, সাংগাঠনিক সম্পাদক লক্ষীৰাম চৰেন, মুখ্য উপদেষ্টা মিণ্টু হেমব্ৰম আৰু উপদেষ্টা লাজাৰিউজ মুৰমু

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments