লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল। সংবাদমেলত ৰাজ্যবাসীৰ বাবে কেইবাটাও যুগান্তকাৰী খবৰ বিষয়ে জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।
গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পত কেন্দ্ৰৰ অনুমোদন দিলে কেন্দ্ৰই। গহপুৰ-নুমলীগড় সংযোগী সুৰংগ প্ৰকল্পত অনুমোদন দিলে কেন্দ্ৰীয় চৰকাৰে। গহপুৰ আৰু নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ’ব এই নদী সুৰংগ। গহপুৰ নুমলীগড় সংযোগী টানেল ৩৪ কিলোমিটাৰৰ। এই প্ৰকল্প ব্যয় ১৮ হাজাৰ ৬৬২ কোটি টকা।
শীঘ্ৰে আৰম্ভ হ’ব কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ কাম। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা ধামলৈ হ’ব ৰ’পৱে। গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ বাবে ৫৭২৯ কোটি টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যয় কৰিব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পত নতুন সংযোজন হ’ব। বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ হ’ব এলিভেটেড কৰিড’ৰ। ১৫০০কোটি টকা ব্যয় হ’ব এই এলিভেটেড কৰিড’ত।
বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ হ’ব চাৰিলেনযুক্ত ঘাইপথ। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ অপেক্ষাত আছে এই প্ৰকল্প। শিলচৰ-শ্বিলং-গুৱাহাটী হাইস্পীড ৰোড অসমে লাভ কৰিছে। ২২,৮৬৪কোটি টকাৰে নিৰ্মাণ হ’ব শিলচৰ-শ্বিলং-গুৱাহাটী হাইস্পীড ৰোড। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্চ মাহত শিলান্যাস কৰিব প্ৰকল্পটোৰ।
গহপুৰৰ টুইনটিউব টানেলটো দেশৰ প্ৰথম Rail-Cum-Road টানেল। পৃথিৱীৰ ভিতৰতে এইটো দ্বিতীয় Rail-Cum-Road টানেল। জাৰ্মানী আৰু ডেনমাৰ্কক সংযোগ কৰা এনে এটা টানেল আছে। ব্ৰহ্মপুত্ৰৰে ৰে’ল আৰু পথ যোগাযোগৰ ৪নং ব্যৱস্থা হ’ব। এই টানেলত ৰে’ল-পথৰ উপৰি প্ৰস্থান টিউবো থাকিব।
নুমলীগড়-গহপুৰ নদী সুৰংগ পথ কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ। এই নদী সুৰংগ পথ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। দেশৰ মূল খণ্ডক চিকেন নেকেহে সংযোগ কৰিছে উত্তৰ পূবক। নদী সুৰংগ নিৰ্মাণ হ’লে উত্তৰ পূবৰ বাবে এয়া হ’ব বিকল্প ব্যৱস্থা। ভাৰত চৰকাৰ, সেনা, NHIDCLৰ সহযোগত নিৰ্মাণ হ’ব নদী সুৰংগ। ৰে’ল বিভাগেও সহযোগ কৰিব নদী সুৰংগ নিৰ্মাণত।
নতুন প্ৰযুক্তিৰে হ’ব গহপুৰ-নুমলীগড় নদী সুৰংগ পথ। ৫ বছৰ ধৰি এই প্ৰকল্পক লৈ চিন্তা-চৰ্চা চলিছিল। প্ৰথমাৱস্থাত কেৱল পথ নিৰ্মাণক লৈ আলোচনা হৈছিল। মোদীৰ তৎপৰতাত ৰে’লপথ নিৰ্মাণৰো সিদ্ধান্ত লোৱা হৈছিল।
মুখ্যমন্ত্ৰীয়ে কয় যে টানেলৰ ভূমি অধিগ্ৰহণ দুই তিনি দিনৰ ভিতৰত আৰম্ভ হ’ব। টানেলৰ দুটা টিউব থাকিব। এটা ৰে’ল পথ আনটো গাড়ী অহা-যোৱা কৰা। জৰুৰীকালীন সময়ত ৰে’লপথেৰে গাড়ী অহা যোৱা কৰিব পাৰিব। ৰে’লপথটোত শিলৰ সলনি থাকিব কংক্ৰিট। অহা নিৰ্বাচনৰ আগত টানেল প্ৰকল্প মুকলি হ’ব বুলি জনালে মুখ্যমন্ত্ৰীয়ে।
