Tuesday, March 10, 2026
Homeঅসমবিধানসভাৰ শেষটো ভাষণত অখিল গগৈক অভিনন্দন জনালে মুখ্যমন্ত্ৰীয়ে

বিধানসভাৰ শেষটো ভাষণত অখিল গগৈক অভিনন্দন জনালে মুখ্যমন্ত্ৰীয়ে

আজি অন্ত পৰিল বিধান সভা অধিৱেশন।বিধান সভাৰ অন্তিম দিনা সদনত মুখ্যমন্ত্ৰীৰ ভাষণ।

মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে ‘‘অসম বিধান সভাত মই ২৫ বছৰ পূৰ্ণ হ’ল৷ যোৱা ৰাতি অধ্যক্ষই আয়োজন কৰা নৈশ ভোজত কথাটো অধ্যক্ষই মনত পেলাই দিয়ে। ৰাজনীতিত হৰা-জিকা থাকেই। মই প্ৰথমটো নিৰ্বাচন খেলিছিলোঁ ১৯৯৬ চনত। সেইবাৰ নিৰ্বাচনত ১৭ হাজাৰ ভোটত মই হাৰিছিলোঁ। তাৰ পাছৰ নিৰ্বাচনবোৰত মই জিকি আহিছো আৰু প্ৰতিটো নিৰ্বাচনত ভোট লাভৰ হাৰ বাঢ়ি আছে। আমাক ভোট নিদিয়াসকল আমাৰ শত্ৰু নহয়।’’
 ‘‘কৰৰ হস্তান্তৰৰ ধনৰে কৰ্মচাৰীৰ দৰমহা-পেঞ্চন দিছে। প্ৰথমবাৰে বিজেপি চৰকাৰে এই কাম কৰিছে। ২০৩০ৰ ভিতৰত অসম ১০লাখ কোটি টকাৰ অৰ্থনীতি পাব। দুবছৰ পূৰ্বে ২০২৮ ত এই লক্ষ্যত উপনীত হ’ব ৰাজ্য। দেশৰ ভিতৰতে অসম দ্ৰুত বিকশিত অৰ্থনীতি।’’ সদনত অসমৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীৰ এই মন্তব্য।
‘‘বিগত নিৰ্বাচনত ১লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলোঁ। অহাবাৰ আমি পশ্চিমবংগৰ অৰ্থনীতিক পাছ পেলাম। ১০ দিনৰ ভিতৰত কপিলী হাইড্ৰপাৱাৰ প্ৰজেক্ট মুকলি কৰিম। পাৱাৰ ছাৰপ্লাছৰ দিশত আমি গৈ আছোঁ।’’
‘‘ADRE পৰীক্ষাত কেলেংকাৰী হোৱা বুলি হাইকৰ্টত গোচৰ নাই৷ সদনত বিৰোধীৰ প্ৰতিবাদ নাই৷ আমি পাঁচ বছৰত প্ৰায় ১ লাখ ৬৫ হাজাৰক নিযুক্তি দিলো৷ এজন মুখ্যমন্ত্ৰীৰ বাবে ইয়াতকৈ আৰু কি প্ৰাপ্তি লাগে৷ চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত নতুন কমিটী গঠন হ’ব। শিক্ষা বিভাগতে ৫৫ হাজাৰজনক অহাবাৰ
‘‘আমি প্ৰণাম আইন আনিম৷ এই আইনৰ জৰিয়তে যি চৰকাৰী কৰ্মচাৰীয়ে নিজৰ পিতৃ-মাতৃক নাচায়, তেওঁলোকৰ দৰমহা ১০-১৫% কৰ্তন হ’ব৷ APSCৰ বিসংগতি এনিশাৰ ভিতৰতে সংশোধন কৰা হৈছে। ১০ লাখ যুৱক-যুৱতীক প্ৰদান কৰিব কৰ্মসংস্থাপনৰ বাবে প্ৰদান কৰা হ’ব ধন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে প্ৰদান কৰিব ধন।’’
‘‘প্ৰিয়ংকা গান্ধী অহাৰ বাবে সদন ত্যাগ কৰিলে কংগ্ৰেছীয়ে। সদনৰ পৰা ওলাই গৈ প্ৰিয়ংকা গান্ধীৰ মিটিঙত বহিব কংগ্ৰেছী।
বিধানসভাত অখিল গগৈৰ আক্ষেপ। ‘মুখ্যমন্ত্ৰীয়ে মোৰ ফালে চাই কিয় কথা কোৱা নাই’।‘মইও বিধান সভাত উপস্থিত আছো আজি’।বিধানসভাৰ শেষটো ভাষণত অখিল গগৈক অভিনন্দন জনালে মুখ্যমন্ত্ৰীয়ে।অখিল গগৈক প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰে কথা ক’বলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ।অখিল গগৈক আকৌ জিকিবলৈ শুভেচ্ছা দিলে মুখ্যমন্ত্ৰীয়ে।অখিল গগৈ সংগ্ৰাম কৰি হোৱা নেতা সোণৰ চামুচ লৈ হোৱা নেতা নহয়।শাসক বিৰোধী প্ৰতিজন মন্ত্ৰী বিধায়কক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments