অৰুণাচল প্ৰদেশৰ লংডিঙত গ্ৰেপ্তাৰ NSCN-IM কেডাৰ। নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতাত বৃহস্পতিবাৰে লংডিং চহৰৰ সমীপৰ টিছিং অঞ্চলত অসম ৰাইফলছ, বিশেষ টাস্ক ফ’ৰ্চ (এছ টি এফ), আৰু লংডিং আৰক্ষীৰ যৌথ দলে এক সমন্বিত অভিযান চলায়। এই অভিযানৰ সময়ত নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড, চমুকৈ এন এছ চি এন-আই এমৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰা হয়, যাৰ নাম এছ এছ কেপ্তেইন পংগলেম ৱাংপান।
ধৃত কেডাৰজন লংডিংৰ লংছম গাঁৱৰ লেফটেনেণ্ট আজং ৱাংপানৰ পুত্ৰ। তেওঁৰ হাতত তলত দিয়া অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়। এটা ৫.৫৬ এম,এম্, ইঞ্চাচ ৰাইফল, এটা ৯ এম,এম্ পিষ্টল, এটা ইনছাছ ৰাইফলৰ মেগজিন, এটা ৯ এম,এম্ পিষ্টলৰ মেগজীন, ১৮ জাই ৫.৫৬ এম,এম, ৰাইফলৰ সজীৱ গুলী আৰু দুজাই ৯ মিমি পিষ্টলৰ সজীৱ গুলী।প্ৰাথমিক তদন্তত ধৰা পৰে যে ধৃত কেডাৰজনে চাৰিজনীয়া এটা দলৰ নেতৃত্ব দিছিল।
জানিব পৰা মতে, এটা অজ্ঞাত উদ্দেশ্য লৈ গোটটোৱে লংডিঙত উপস্থিত হৈছিল। কিন্তু যৌথ নিৰাপত্তা বাহিনীৰ ক্ষিপ্ৰ আৰু সমন্বিত পদক্ষেপৰ বাবে এটা সম্ভাৱ্য অপ্ৰীতিকৰ সন্ত্ৰাসবাদী কাণ্ড সফলতাৰে বিফল হ’ল। লংডিং আৰক্ষী থানাত ইউএপি(এ)ৰ ধাৰা ১০/১৩ৰ সৈতে ধাৰা ২৫(১এ)/২৭ৰ অধীনত গোচৰ নং ০৮/২৬ৰ ভিত্তিত এফআইআৰ পঞ্জীয়ন কৰা হৈছে। অধিক তদন্ত অব্যাহত আছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে আইন-শৃংখলা বজাই ৰখাৰ বাবে নিৰাপত্তা বাহিনীয়ে জিলাখনৰ লগতে ইয়াৰ আশে-পাশে কম্বিং আৰু চাৰ্চ অভিযান অব্যাহত ৰাখিছে।
