দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰে।মা কামাখ্যাক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আৰম্ভ কৰে ভাষণ। ভূপেন হাজৰিকা, কনকলতা বৰুৱা, লাচিত বৰফুকন, শংকৰদেৱ-মাধৱদেৱক সোঁৱৰণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘কংগ্ৰেছৰ সময়ত ইয়াত কেৱল বাংলাদেশী আছিল। অসমৰ জনবিন্যাস বিনষ্ট কৰিছিল। কংগ্ৰেছে আজি অসমত ভোট বিচাৰিছে। মই সুধিছোঁ ধুবুৰী, গোৱালপাৰা, নগাওঁ, এইবিলাক জিলাত বাংলাদেশী আহিল ইয়াৰ কাৰণ কংগ্ৰেছ। কংগ্ৰেছৰ পাপৰ পৰা অসমক বিজেপিয়ে মুক্ত কৰিব। হিমন্তই কৈছে ৫ লাখ বিঘা মাটি উচ্চেদ কৰিব। কৰিব মানে কৰিবই, হিমন্ত কথা ৰখাত পাক্কা।’’
‘‘৫ বছৰৰ বাবে অসমত বিজেপি চৰকাৰ আনক, এজন এজন বাংলাদেশীক দেশৰ পৰা বাহিৰ কৰিম। কংগ্ৰেছে বাংলাদেশী বাহিৰ কৰিবলৈ নিদিয়ে, বাংলাদেশীমুক্ত কৰিবলৈ বিজেপিক ভোট দিব লাগিব। ধুবুৰী, বৰপেটা, নগাঁও, দৰং, গোৱালপাৰাৰ পৰা আমি বিদেশীমুক্ত কৰিম। বাংলাদেশী কংগ্ৰেছৰ ভোটবেংক। নিৰ্বাচন আয়োগে SIR কৰিছে, ৰাহুল গান্ধীয়ে ইয়াৰ আন্দোলন কৰে। কংগ্ৰেছে জাতি-মাটি-ভেটি তিনিওটাৰে ক্ষতি কৰিছে।’’
‘‘আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ লাচিত বৰফুকনক সকলোৱে জানে। ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈক ‘ভাৰতৰত্ন’ বিজেপিয়ে দিছে। ৫ বছৰ সৰ্বানন্দ সোণোৱাল, ৫ বছৰ হিমন্তই অসমৰ বিকাশৰ কাৰণে সকলো কৰিছে। ইয়াৰ পৰাই ১০ বছৰৰ বাবে মনমোহন সিং প্ৰধানমন্ত্ৰী হৈছিল, ইয়ালৈ ১০বাৰো নাহিল। নৰেন্দ্ৰ মোদীয়ে ৮০ বাৰ অসমলৈ আহিছে। অসমক বিকশিত কৰিবলৈ আমাৰ চৰকাৰে কাম কৰিছে। ভূমিৰ অধিকাৰ আমি দিছোঁ, চাহ বাগিচাৰ বাবে আমি আঁচনি আনিছোঁ।’’
‘‘মৰাণত দি দৃশ্য হ’ল, সমগ্ৰ বিশ্বই আচৰিত হৈ সেয়া চাইছে। মৰাণত ৰাস্তা হোৱা সম্ভৱ নাছিল, মোদী ডাঙৰীয়াই তাত ELF বনাই প্ৰমাণ কৰিলে এয়া বিকশিত অসম। আমাৰ বায়ু সেনাৰ ক্ষমতা অসমৰ পৰা সমগ্ৰ বিশ্বক দেখুৱালে। অসমক বাংলাদেশীমুক্ত নকৰিলে অসমৰ ভাষা সংস্কৃতি সুৰক্ষিত নহ’ব। ১৫ লাখ কোটি টকা অসমৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰীয়ে ব্যয় কৰিছে। আগন্তুক দিনত ভাৰতৰ ঔদ্যোগিক হাব অসম হ’ব। কংগ্ৰেছক মই চেলেঞ্জ কৰিছোঁ, কংগ্ৰেছে যদি বাংলাদেশী খেদিবলৈ বিচাৰে কংগ্ৰেছৰ ঘোষণাপত্ৰত এই কথা উল্লেখ কৰি ইস্তাহাৰ পত্ৰত প্ৰকাশ কৰি দেখুৱাওক।’’ বিজেপি চৰকাৰ আহিলে আগন্তুক ৫ বছৰত অসম বানমুক্ত হ’ব বুলিও অমিত শ্বাহে উল্লেখ কৰে।
