প্ৰিয়ংকা গান্ধীৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ফাষ্টট্ৰেক আদালত গঠন আৰু জুবিনক্ষেত্ৰত শনিবাৰে বিদ্যুৎ কৰ্তন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে।
জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ সমালোচনা সন্দৰ্ভত প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। ‘‘ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যাব নাপায়। প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামতহে অসমলৈ আহিছিল। জুবিনৰ কাৰণে কংগ্ৰেছৰ কোনোবাই তেজ দিছিল নেকি জন্মদিনত। আমাৰ দলৰ নেতা সকল নিৰ্বাচনৰ পাছত হে যাব জুবিন ক্ষেত্ৰত। কংগ্ৰেছে মুকলিকৈ কৰিছে জুবিনক লৈ ৰাজনীতি। প্ৰিয়ংকা গান্ধী ৮৬০গৰাকী শ্বহীদৰ ক্ষেত্ৰত কিয় নগ’ল? বৰদোৱাত কিয় ন’গল? প্রাৰ্থীসকল জুবিন ক্ষেত্ৰত যাব নাপায়।’’
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘যেতিয়ালৈকে নিৰ্বাচন চলি থাকে তেতিয়ালৈ মই জুবিনক্ষেত্ৰলৈ নাযাওঁ। ভগৱানে কৰিলে আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ জুবিন ক্ষেত্ৰলৈ যাম। আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ।’জুবিন গাৰ্গ গোচৰৰ ফাষ্টট্ৰেক আদালত গঠন সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘প্ৰতিখন জামিন আৱেদন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে। ফাষ্টট্ৰেক আদালতৰ নামত এইগৰাকী ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰাই নিয়াৰ চক্ৰান্ত চলিছে। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে জামিন আৱেদন নাকচ কৰিছে।’’
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘মই ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে ফাষ্টট্ৰেক দি দিম, কিন্তু তাৰ পাছৰ খিনি কি হ’ব? একাংশই এইগৰাকী ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰি যোৱাটো বিচাৰিছে আৰু কোনোবা এজনে জামিন পোৱাটো বিচাৰিছে যাতে মোক আক্ৰমণ কৰিব পাৰে। এইবোৰ কংগ্ৰেছ আৰু দুই এটা সংবামাধ্যমৰ চেষ্টা। বেলেগ ন্যায়াধীশ হোৱা হ’লে অন্ততঃ PSO দুজনক ৬ মাহতে জামিন দিলেহেতেন। অমৃতপ্ৰভাকো মহিলা হিচাপে জামিন দিলেহেঁতেন।’’
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ‘‘বিজেপিক শ’লঠেকত পেলাব কাৰণে চক্ৰান্ত। আমাক কৃতিত্ব দিব লাগিছিল কিন্তু এতিয়া চক্ৰান্ত কৰিছে। গোচৰটো বেলেগ কৰ্টত দি দিম কিন্তু ৰিস্ক যিয়ে বেলেগ কোৰ্ট বিচাৰিছে তেঁও ল’ব লাগিব।’’জুবিনক্ষেত্ৰত বিদ্যুৎ কৰ্তন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। ‘‘একাংশই জুবিন গাৰ্গক শান্তিত থাকিব নিদিয়ে। জুই লাগি তাঁৰ ছিগিল একদম হুলস্থুল কৰি দিলে।’’ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘জুবিনক ভাল পাই জুবিনক্ষেত্ৰ যোৱা হ’লে প্ৰিয়ংকাই ন’কলেহেঁতেন, পূৰ্বতে মই জুবিনৰ নাম নাই শুনা বুলি। ১০ বাৰ প্ৰিয়ংকা গান্ধী আহিল কিন্তু জুবিন , ভূপেন হাজৰিকাৰ কথা আলোচনাই নকৰিলে। মই এইটো বিষয় ৰাজনীতি নকৰোঁ। গতিকে কংগ্ৰেছী বন্ধুক কৈছোঁ মোৰ মুখ খুলি নল’ব।’’
