Tuesday, March 10, 2026
Homeঅসম‘‘পূৰ্বে মিত্ৰতা সন্দৰ্ভত জোৰ ১০০% আছিল৷ এতিয়া জোৰ কিছু কমিল৷

‘‘পূৰ্বে মিত্ৰতা সন্দৰ্ভত জোৰ ১০০% আছিল৷ এতিয়া জোৰ কিছু কমিল৷

ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ আগ্ৰহ ক্ৰমাৎ নাইকীয়া হৈছে কংগ্ৰেছৰ।গৌৰৱ গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত কয়, ‘‘পূৰ্বে মিত্ৰতা সন্দৰ্ভত জোৰ ১০০% আছিল৷ এতিয়া জোৰ কিছু কমিল৷ তথাপিও মই মিত্ৰতাৰ পক্ষত আছোঁ। হায়কামাণ্ডক মিত্ৰতা সন্দৰ্ভত সকলো তথ্য প্ৰেৰণ কৰিছো৷ কিছু দলৰে মিত্ৰতা সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হ’ল৷ মাথোঁ আনুষ্ঠানিকতা বাকী আছে৷’’

অখিল গগৈয়ে এনে দুজন বিধায়কক দলত যোগদান কৰোৱাইছে যাক লৈ কংগ্ৰেছত অসন্তুষ্টি আছিল। কংগ্ৰেছে নিলম্বন কৰা এজন বিধায়কক ৰাইজৰ দলত যোগদান কৰোৱাইছে। আনজন বিধায়ক সন্দৰ্ভতো দলৰ মজিয়াত আছিল অসন্তুষ্টি৷ গৌৰৱ গগৈয়ে কয়, ‘‘কংগ্ৰেছৰ দুজন নিলম্বিত বিধায়ক আনি কি বুজাব বিচাৰে অখিল গগৈয়ে? ৰাইজে সকলো কথা বুজিছে৷’’

নাওবৈচা, ধিং আৰু ডিমৌত কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্বল বুলি কোৱা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, অখিল গগৈয়ে কিছুমান কথা সংবাদ মাধ্যমৰ আগত কৈ ভাল পায়৷ আমাৰ পৰম্পৰা তেনে নহয়৷ আমাৰ অভ্যাস নাই তেনেকৈ কোৱাৰ। আমি গোপনীয়তা বৰ্তাই ৰাখিব জানো৷ ডিমৌ সমষ্টিত উপ-নিৰ্বাচনৰ পিছত আৰু বহুকেইটা নিৰ্বাচন হ’ল। পঞ্চায়ত নিৰ্বাচনৰ সময়তো পৰিৱেশ বহু সলনি হ’ল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments