সংখ্যালঘু অধ্যূষিত ২২টা সমষ্টিত আসন ভাগ-বাটোৱাৰা কৰিলে অহাবাৰ বিধানসভাত কংগ্ৰেছে বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব বুলি সমালোচনা মুখ্যমন্ত্ৰীৰ। কাৰণ আজিৰ তাৰিখত ৬টা খিলঞ্জীয়া সমষ্টিত জয়া হোৱাটো কংগ্ৰেছৰ বাবে সম্ভৱ নহয় বুলি দাবী মুখ্যমন্ত্ৰীৰ।
একেদৰে মুখ্যমন্ত্ৰীৰ দাবী খিলঞ্জীয়া, ভাৰতীয়, সনাতনী মানুহে এইবাৰ ১০০% বিজেপিকে ভোট দিব। ইফালে দুই গগৈৰ নিমিলা অংকৰ উত্তৰ উলিয়াবলৈ মধ্যস্থতাকাৰীৰ ৰূপত অহা সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ প্ৰসংগটো সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোগেন্দ্ৰ যাদৱ ৰাজনৈতিক বিশ্লেষক নহয়, দালাল বুলিহে অভিহিত কৰিলে মুখ্যমন্ত্ৰীয়ে।
কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বৃহস্পতিবাৰেও ওলমি ৰোৱা এই মিত্ৰতা শেষত গৈ হ’লেও ’২৬ৰ নিৰ্বাচনত ইয়াৰ একো প্ৰভাৱ নপৰে বুলি দাবী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে মিত্ৰতাক লৈ গৌৰৱ গগৈয়ে জোৰ কমি যোৱা বুলি কোৱাৰ প্ৰসংগত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া দি অখিল গগৈয়ে কৈছিল সময় বাগৰাৰ লগে লগে হেনো অখিলৰ জোৰ বাঢ়িছেহে। তাৰ পাছতে গৌৰৱ গগৈৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হ’ব বুলি কালিও সম্ভাৱনা প্ৰকাশ কৰিছোঁ আজিও সম্ভাৱনা প্ৰকাশ কৰিছোঁ।
