২৭ ফেব্ৰুৱাৰীত শদিয়ালৈ আহিব মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , শদিয়াত কেইবাটাও উদ্বোধন কাৰ্যসূচী
হাতত লৈ আহিছে শদিয়ালৈ , ইয়াৰে এক বিশেষ কাৰ্যসূচী অংশ স্বৰূপে শদিয়াৰ কুণ্ডিল নদীৰ উপৰত নৱনিৰ্মিত দ্বিতীয় খন দলঙৰ শুভ উদ্বোধন কাৰ্য সূচীত উপস্থিত হৈ পূব শদিয়াৰ পৰা শদিয়াৰ চাপাখোৱা সদৰ সংযোগী দলং খন ৰাইজৰ বাবে মুকলি কৰিব । অন্যহাতে উক্ত দলং খন এইবাবেই শদিয়াৰ ৰাইজৰ বাবে বিশেষ এই দলং খনে গণশিল্পী ৰাজীৱ শদিয়াৰ আপোন গৃহ টোপচিঙা গাওঁক সংযুক্ত কৰিছে , এই কুণ্ডিল নৈৰ ওপৰেদি কত ঘাট প্ৰতিঘাত নেওচি কেতিয়াবা তুলুঙা নাওঁৰে, কেতিয়াবা বাঁহৰ দলংৰে কুণ্ডিল নদীৰ দুয়োপাৰৰ ৰাইজ যুগ যুগ ধৰি অহা যোৱা কৰিছিল আৰু এই বাটেৰে এক সাংগীতিক যাত্ৰাৰে গণ শিল্পী গৰাকীয়ে বাট বুলিছিল, প্ৰায় ৭oo মিটাৰ দৈৰ্ঘৰ এই দলংখনৰ আধাৰ শিলা ২০১৯ চনতে স্থাপন কৰিছিল আৰু সেই সময়ৰ পৰা মৃত্যুৰ আগ মূহুৰ্তলৈকে শিল্পী গৰাকীয়ে দলংখন সম্পূৰ্ণ কৰিবলৈ যথেষ্ঠ হেঁচা প্ৰয়োগ কৰিছিল , যিহেতু গণশিল্পী ৰাজীৱ শদিয়াৰ গাঁওৰ খনৰ লগতে সকলো ৰাইজৰ আবেগ জঢ়িত হৈ পৰিছে , গতিকে শদিয়া ৰাইজৰ বিপুল দাবী আগন্তক ২৭ ফেব্ৰুৱাৰীত উক্ত দলংখন গণশিল্পী ৰাজীৱ শদিয়া দলং হিচাপে আনুষ্ঠানিকভাৱে নামাকৰণ কৰাব লাগে ।
