শুকুৰবাৰে ঘোষণা কৰা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল। আয়োগৰ upsc.gov.inযোগে লাভ কৰিব পাৰিব UPSCৰ ফলাফল। আজি ঘোষিত ফলাফলত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে ৰাজস্থানৰ অনুজ অগ্নিহোত্ৰীয়ে। দ্বিতীয় স্থান লাভ কৰিছে ৰাজেশ্বৰী শোভে এমে। তৃতীয় স্থানত উজলিল আকাংক্ষ ধূল। চতুৰ্থ স্থান লাভ কৰিছে ৰাঘৱ ঝুনঝুৱালাই। দেশৰ ভিতৰতে পঞ্চম স্থানত উজলিল ঈশান ভাটনাগৰ।
আজি ঘোষিত ফলাফলত আই.এ.এছ শাখাত ১৮০গৰাকী, আই.এফ.এছ শাখাত ৫৫, আই.পি.এছ শাখাত ১৫০, Central Services Group ‘A’ শাখাত ৩৪, Group ‘B’ Servicesত ১১গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। সদ্যঘোষিত ফলাফলত অসমৰ নাম উজলালে তিনিগৰাকী অসম সন্তানে। ১৮৭সংখ্যক স্থানত উজলিল যোৰহাটৰ অভিজ্ঞান খাউণ্ড। ২০২২ বৰ্ষত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ১০সংখ্যক স্থান লাভ কৰিছিল অভিজ্ঞান খাউণ্ডে। বিগত বৰ্ষত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ২০২৪ বৰ্ষৰ ফলাফলত ৪৮সংখ্যক স্থান লাভ কৰিছিল অভিজ্ঞানে।
