বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে, প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত বৃদ্ধি কৰা হৈছে ১১৫ টকাকৈ। শনিবাৰ অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ। অসমত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ নতুন দাম হ’ব ৯৬২ টকা আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ নতুন দাম হ’ব ২,০৫১ টকা।
সংশোধিত মূল্য তালিকা অনুসৰি, ১ মাৰ্চত কলকাতাত ১৯ কেজি অৰ্থাৎ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য ১৮৭৫ টকা ৫০ পইচালৈ বৃদ্ধি পাইছিল। এইবাৰ দাম ১৯৯৯ টকালৈ বৃদ্ধি পালে। ১৯ কেজি অৰ্থাৎ বাণিজ্যিক ৰন্ধন গেছ প্ৰধানকৈ হোটেল, ৰেষ্টুৰেণ্ট আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হয়।
আশা কৰা হৈছিল, বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হ’লেও ঘৰুৱা ৰন্ধন গেছৰ অৰ্থাৎ ১৪ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। কিন্তু সেই সকাহ স্থায়ী নহ’ল! মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামও বৃদ্ধি পালে। আগতে গুৱাহাটীত যিটো এলপিজি চিলিণ্ডাৰ ৯০২ টকাত পোৱা গৈছিল, এতিয়া সেই চিলিণ্ডাৰৰ দাম হ’ব ৯৬২ টকা। অৰ্থাৎ মুঠ ৬০ টকা বৃদ্ধি। স্বাভাৱিকতে এই মূল্যবৃদ্ধিৰ বজাৰত গেছৰ দাম বৃদ্ধিয়ে চিন্তাত পেলাব মধ্যবিত্ত শ্ৰেণীক।
