Wednesday, March 11, 2026
Homeঅসমৰাজ্যত এতিয়া সক্ৰিয় আছে নকল সোণৰ ৰমৰমীয়া বেহা

ৰাজ্যত এতিয়া সক্ৰিয় আছে নকল সোণৰ ৰমৰমীয়া বেহা

মহেন্দ্ৰ পগাগ, উত্তৰ অসম, ব্যুৰ’ছীফ:ৰাজ্যত এতিয়া সক্ৰীয় আছে নকল সোণৰ ৰমৰমিয়া বেহা। বিহালী আৰক্ষী বিশেষ অভিযানত আজি বিয়লি ৩ মান বজাত আটক নকল সোণৰ ব্যৱসায়ী। উল্লেখ্য যে তেজপুৰৰ পৰা লক্ষীমপুৰ দিশে গৈ থকা ছুপাৰ বাছৰ পৰা বিহালীত আৰক্ষীৰ নাকা চেকিং দেখি গাড়ীৰ পৰা নামি পলাই যোৱাৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে আটক কৰে হাছিনা বেগম নামৰ মহিলা গৰাকীক।

আৰক্ষীৰ তদন্তত লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ ২ নং সোনাপুৰৰ হাছিনা বেগমৰ পৰা প্ৰায় ১.৮০ কি:গ্ৰামৰ নকল সোণৰ নাও জব্দ কৰে বিহালী আৰক্ষীয়ে । উল্লেখযোগ্য যে জোনমণি ৰাভাৰ পথ দুৰ্ঘটনা ঘটনাৰ সৈতে ও সাঙুৰ খাই পৰিছিল হাছিনা বেগম। বৰ্তমান বিহালী আৰক্ষীয়ে আটকাধীন মহিলা গৰাকীক সোধপোচ অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments