Wednesday, March 11, 2026
Homeঅসমমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্রভাৱ পৰিছে ভাৰতত। ভাৰতত বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম। দেশৰ ঠায়ে-ঠায়ে ৰন্ধন গেছৰ নাটনিও পৰিলক্ষিত হৈছে। এই ঘটনাক লৈ উদ্বিগ্ন হৈছে অসমবাসী। অসমতো হ’ব পাৰে নেকি ৰন্ধন গেছৰ নাটনি? অসমত আছেনে পৰ্যাপ্ত গেছ চিলিণ্ডাৰ। এই সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশত ঘৰুৱা ৰন্ধন গেছৰ কোনোধৰণৰ নাটনিৰ সম্ভাৱনা নাই। তেওঁ কয়, ‘‘ৰন্ধন গেছৰ সংকট হ’ব বুলি মই নাভাবোঁ। ঘৰুৱা LPGৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই।’’

মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, অসমত ঘৰুৱা LPGৰ ক্ষেত্ৰত এতিয়া কোনো নাটনিৰ সমস্যা দেখা নাযায়। ভাৰত চৰকাৰে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি ৪০খন দেশৰ পৰা গেছ আমদানি কৰাৰ ব্যৱস্থা কৰিছে।’’ তেওঁ কয় যে ভাৰত চৰকাৰৰ পদক্ষেপৰ বাবে দেশৰ ভিতৰত গেছৰ যোগান স্থিৰ আৰু সুৰক্ষিত হৈ থাকিব।

হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত শক্তি সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। তেওঁ লগতে কয় যে ক’ভিড মহামাৰীৰ কঠিন সময়ত দেশজুৰি অক্সিজেনৰ চাহিদা হঠাৎ বৃদ্ধি পাইছিল। সেই সময়তো কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লৈ সকলোকে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হৈছিল। তেওঁৰ মতে, সেই একে ধৰণৰ দূৰদৰ্শী নীতি আৰু ব্যৱস্থাপনাৰ ফলতেই এতিয়া দেশত গেছৰ যোগানৰ ক্ষেত্ৰতো সমস্যা নহ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰধানমন্ত্ৰীয়ে ক’ভিডৰ সময়ত সকলোকে অক্সিজেন দিছিল, এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে LPG দিবলৈ সক্ষম হ’ব।”

তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে শক্তি খণ্ডত বিকল্প উৎস আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰাৰ দিশত কাম কৰি আছে। ইয়াৰ ফলত দেশৰ ভিতৰত ইন্ধন সুৰক্ষা অধিক মজবুত হ’ব। মুখ্যমন্ত্ৰীয়ে নাগৰিকসকলক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাই কয় যে চৰকাৰ সদায় জনসাধাৰণৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যোগান নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁৰ মতে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বয়ৰ ফলতেই জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হৈ থাকিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments