Saturday, March 14, 2026
Homeঅসমআন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী অধ্যাপক দীপজ্যোতি ৰাজখোৱাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে...

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী অধ্যাপক দীপজ্যোতি ৰাজখোৱাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে যোগদান

যোৰহাট,১৪ মাৰ্চ :—আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী অসম সন্তান অধ্যাপক দীপজ্যোতি ৰাজখোৱাক অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বৰেণ্য কৃষি বিজ্ঞানী গৰাকীক নিযুক্তি দিয়াৰ পাছত কালি নৱ নিযুক্ত উপাচাৰ্য গৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে । শিক্ষকতা, গৱেষণা, সম্প্ৰসাৰণ আৰু প্ৰশাসনিক দিশত ৩৫ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট ডঃ ৰাজখোৱাই অসম কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্দশ সংখ্যক উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰিব। উল্লেখযোগ্য যে অধ্যাপক দীপজ্যোতি ৰাজখোৱাই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি স্নাতক , স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ পাছত অসম কৃষি বিশ্ববিদ্যালয়তে সহকাৰী অধ্যাপক, জ্যেষ্ঠ বিজ্ঞানী, অধ্যাপক হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পাছত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মেঘালয়ৰ উমিয়ামস্থ ৰিচাৰ্চ কমপ্লেক্সৰ প্ৰধান বিজ্ঞানী আৰু মুৰব্বী তথা প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা বিভাগৰ পৰা বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি নাগালেণ্ড চেণ্টাৰৰ আই চি এ আৰৰ যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইণ্ডিয়ান ছ’চাইটি অৱ এগ্ৰ’নমিৰ স্বৰ্ণ পদক লাভ কৰা নৱ নিযুক্ত উপাচাৰ্য গৰাকীয়ে ইণ্ডিয়ান ছ’চাইটি অৱ উইড ছায়েন্স, ইণ্ডিয়ান এছ’চিয়েচন অৱ হিল ফাৰ্মিং ৰ সন্মানীয় ফেলো , বিশিষ্ট বিজ্ঞানী বঁটা, শ্ৰেষ্ঠ গৱেষণা পত্ৰ বঁটা, শ্ৰেষ্ঠ কেন্দ্ৰ বঁটা, চেণ্টাৰ অৱ এক্সেলেন্স বঁটা, পৰ্যালোচক উৎকৰ্ষ বঁটা, চৰ্দাৰ পেটেল শ্ৰেষ্ঠ আইচিআৰ গৱেষণা প্ৰতিষ্ঠানৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।ইতিমধ্যে ১৯৬ খন গৱেষণা পত্ৰ ১৭ খন গ্ৰন্থ, ৪১ খন গ্ৰন্থৰ অধ্যায় আদি প্ৰকাশ কৰি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভিজন ২০৩০ আৰু ২০৫০ আৰু টেকন’লজি ভিজন ২০৪৭ খাদ্য আৰু কৃষি ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত বৰঙণি আগবঢ়াইছে। ২৯ খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ তথা কৰ্মশালাত অংশগ্ৰহণ,৩ খন ছামাৰ স্কুল আৰু ৭৪ খনতকৈও অধিক ৰাষ্ট্ৰীয় আৰু ১৮ খন আন্তঃৰাষ্ট্ৰীয় সন্মিলন আদিত মূল টোকা আৰু নেতৃত্ব বক্তৃতা প্ৰদান তথা ছাইন্টিফিক জাৰ্নেল আৰু প্ৰফেচনেল ছ’চাইটিৰ কাউন্সিলৰ হিচাপে অৱদান আগবঢ়াই।

৩টা জলবায়ু স্থিতিস্থাপক ধানৰ জাতৰ বিকাশ,
৪টা সংহত কৃষি ব্যৱস্থাৰ আৰ্হি, শস্যৰ জৈৱিক উৎপাদন পদ্ধতিৰ পেকেজ, জলবায়ু পৰিৱৰ্তনৰ অভিযোজন/প্ৰশমন, সংহত অপতৃণ ব্যৱস্থাপনা, বহুবিষয়ক কৃষি সংৰক্ষণ আদিৰ জৰিয়তে কৃষিক্ষেত্ৰৰ বহু দিশত বৰঙণি আগবঢ়াই সমগ্ৰ উত্তৰ-পূব অঞ্চলত ভাৰ্মিকম্পোষ্টিং প্ৰযুক্তি বিকশিত আৰু জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে।
সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৃহৎ পৰিসৰৰ বহু-বিষয়ক আৰু বহু-প্ৰতিষ্ঠানিক প্ৰকল্প “জলবায়ু স্থিতিস্থাপক কৃষিৰ ওপৰত ৰাষ্ট্ৰীয় পদক্ষেপ” অন্যতম ব্যক্তি হিচাপে প্ৰযুক্তি প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১০টা বৃহৎ প্ৰকল্প আৰু ১২টা পৰামৰ্শদাতা প্ৰকল্পৰ সফলতাৰে সম্পূৰ্ণ কৰিছে। ২০ বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে আৰু ১৯ গৰাকী কৃষি বিষয়ত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ গাইড কৰাৰ লগতে জৈৱিক কৃষিৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষ পাঠ্যক্ৰম ডিজাইন কৰিবলৈ সক্ষম হৈছে।

গৱেষণাৰ আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নাগালেণ্ড কেন্দ্ৰত ৪টা কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰশাসনিক ভৱন আৰু নাগালেণ্ডৰ পেৰেন আৰু কিফ্ৰি জিলাত দুটা কেভিকে স্থাপন ,কাষ্টম হাইৰিং চেণ্টাৰৰ উন্নয়ন,এফ এ টি ই, চি টি জি চি, ৰেইন আউট চেল্টাৰ ,বায়সাৰ উৎপাদন ইউনিট, পৰীক্ষাগাৰৰ সুবিধাসমূহ উন্নয়ন আৰু শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।

ত্ৰিপুৰা বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়,প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদৰ সদস্য ,মণিপুৰ ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়,কেন্দ্ৰীয় এৰি মুগা গৱেষণা প্ৰতিষ্ঠান ,বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ,নাগালেণ্ডৰ কেন্দ্ৰীয় উদ্যান শস্য প্ৰতিষ্ঠান, নিক্ৰাৰ নিৰীক্ষণ সমিতি, নাবাৰ্ডৰ নাগালেণ্ডৰ আঞ্চলিক পৰামৰ্শদাতা গোট, ৰাষ্ট্ৰীয় উপদেষ্টা সমিতি, ইণ্ডিয়ান এছ’চিয়েচন অৱ হিল ফাৰ্মিং আৰু অন্যান্য ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সমিতি আদি সুনামধন্য সংস্থাসমূহৰ সদস্যপদ লাভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments