অসমবাসীৰ বাবে ভাবিবলৈ, মানিবলৈ কঠিন হ’লেও কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হোৱা আজি ছমাহ সম্পূৰ্ণ হ’ল।দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ এখন বিশেষ আদালত গঠনৰ বাবে অনুৰোধ জনাই আহিছিল।
জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ বাবে গঠন হ’ল বিশেষ ফাষ্ট ট্ৰেক ক’ৰ্ট। বাক্সাৰ জিলা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ তত্বাৱধানত প্ৰতিদিনে চলিব জুবিন গাৰ্গৰ গোচৰৰ শুনানি। এই কথা সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে জনোৱা আবেদনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্মতি জনালে ফাষ্ট ট্ৰেক ক’ৰ্ট গঠনত সন্মতি জনায়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰিছে, ‘‘আজিৰ দিনটো আমাৰ প্ৰিয় জুবিন গাৰ্গ হত্যাকাণ্ডৰ ঘটনাৰ ন্যায়ৰ বাবে আমাৰ সৰ্বজনীন অনুসন্ধানত এটা গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে চিহ্নিত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে সন্তুষ্টি প্ৰকাশ কৰি বৰ্তমান বাক্সা জিলাৰ জিলা ন্যায়াধীশ হিচাপে কৰ্মৰত শ্ৰীমতী শৰ্মিলা ভূঞাক এই বিষয়ত দৈনন্দিন বিচাৰকার্য সম্পাদন কৰাৰ বাবে মনোনীত কৰিছে। এই পদক্ষেপে বিচাৰ প্ৰক্ৰিয়াক যথেষ্ট দ্ৰুত কৰিব আৰু সময়মতে ন্যায় নিশ্চিত কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিৰ পুনৰ প্ৰতিফলন ঘটায়।’’ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে প্ৰতিদিনে শুনানিৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া খৰটকীয়া কৰি তুলিবলৈ দাবী জনাই আহিছিল গৰিমাই।
ফাষ্ট ট্ৰেক ক’ৰ্ট গঠনৰ পিছত এতিয়া জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া খৰটকীয়া হ’ব বুলি আশা কৰিছে সকলোৱে। ইয়াৰ জৰিয়তে শীঘ্ৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ৰহস্য ফাদিল হ’ব বুলি অধীৰ আগ্ৰহেৰে বাট চাইছে পৰিয়ালৰ লগতে অসমবাসীয়ে।
