মধ্যপ্ৰাচ্যত ক্ৰমবৰ্ধমান উত্তেজনাৰ বাবে তেল আৰু গেছৰ যোগানৰ সংকট গভীৰ হৈ আহিছে। দেশৰ বিভিন্ন প্ৰান্তত ৰন্ধন গেছৰ সংকটৰ সৃষ্টি হৈছে। এতিয়া পেট্ৰ’লৰ মূল্যত বিপৰ্যয়ৰ সন্মুখীন হৈছে। দেশৰ প্ৰধান তেল কোম্পানীয়ে বৃদ্ধি কৰিলে প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য।
২০২৬ চনৰ ২০ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ ‘স্পীড/পাৱাৰ’ প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.০৯ টকা বৃদ্ধি কৰা হৈছে। ইফালে IOCএ ঔদ্যোগিক ডিজেলৰ মূল্যও বৃদ্ধি কৰিছে। প্ৰতি লিটাৰত ৮৭.৬৭ টকাৰ পৰা ১০৯.৫৯ টকালৈ বৃদ্ধি কৰিছে ঔদ্যোগিক ডিজেলৰ মূল্য।ইয়াৰ ফলতে BPCLৰ স্পীড পেট্ৰ’ল, HPCLৰ পাৱাৰ পেট্ৰ’ল আৰু IOCLৰ XP95 পেট্ৰ’লৰ দৰে প্ৰিমিয়াম ভেৰিয়েণ্টৰ মূল্য বৃদ্ধি কৰিছে। কিন্তু সাধাৰণ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য কোনো পৰিৱৰ্তন হোৱা নাই।
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পিছতে বিশ্বত খাৰুৱা তেলৰ মূল্য অধিকভাৱে বৃদ্ধি কৰিছে। অৱশ্যে প্ৰিমিয়াম পেট্ৰ’ল ব্যৱহাৰকাৰীসকলে অধিক ধন খৰচ কৰিব লাগিব।শেহতীয়াকৈ ভাৰতীয় খাৰুৱা তেলৰ মূল্যই অভিলেখ সৃষ্টি কৰিছে। ১৭ মাৰ্চত প্ৰতি বেৰেলত ১৪৬ ডলাৰ অতিক্ৰম কৰিছে। ইৰান-ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা খাৰুৱা তেলৰ মূল্য প্ৰায় ১০৬ শতাংশলৈ বৃদ্ধি পাইছে।
