Friday, September 11, 2026
Homeঅৰ্থনীতিবন্ধন বেংকে মুকলি কৰিলে ক্ৰেডিট কাৰ্ড; চাৰিটা পৃথক শিতানত মুকলি

বন্ধন বেংকে মুকলি কৰিলে ক্ৰেডিট কাৰ্ড; চাৰিটা পৃথক শিতানত মুকলি

  • প্ৰতিটো গ্ৰাহক শ্ৰেণীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰস্তুত কৰা চাৰিখন ক্ৰেডিট কাৰ্ড: স্পাৰ্কছ, ইগনাইট, ফ্লেয়াৰ আৰু লুমিনা
  • মাষ্টাৰকাৰ্ডৰ সৈতে সহযোগিতাৰে মুকলি কৰা এই কাৰ্ডসমূহে গ্ৰাহকৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা অনুসৰি বিশেষভাৱে যুগুত কৰা পুৰস্কাৰ, ভ্ৰমণ, জীৱনশৈলী আৰু মনোৰঞ্জনৰ লাভালাভ প্ৰদান কৰিব
  • নতুন প্ৰজন্মৰ গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা এক নিৰৱচ্ছিন্ন, ডিজিটেল-প্ৰথম আবেদন আৰু সেৱা প্ৰক্ৰিয়া

মুম্বাই 8 ছেপ্টেম্বৰ 2026: বন্ধন বেংকে আজি মাষ্টাৰকাৰ্ডৰ সৈতে লগ লাগি নিজৰ ক্ৰেডিট কাৰ্ড পৰ্টফলিঅ’ মুকলি কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ জৰিয়তে গ্ৰাহকসকলক উদ্ভাৱনীমূলক আৰু সৰ্বাংগীন বিত্তীয় সমাধানৰ জৰিয়তে সৱলীকৰণ কৰাৰ ক্ষেত্ৰত বেংকটোৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। মানুহৰ জীৱন সমৃদ্ধ কৰাৰ বাবে বেংকৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰা বন্ধন বেংকৰ ল’গ’ত থকা চিৰপ্ৰজ্বলিত শিখাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই নতুন ক্ৰেডিট কাৰ্ডসমূহ চাৰিটা সংস্কৰণত মুকলি কৰা হৈছে: স্পাৰ্কছ, ইগনাইট, ফ্লেয়াৰ আৰু লুমিনা।

বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ প্ৰতিম সেনগুপ্ত, মাষ্টাৰকাৰ্ডৰ ভাৰত আৰু দক্ষিণ এছিয়াৰ সভাপতি গৌতম আগৰৱাল, কাৰ্যবাহী সঞ্চালক আৰু মুখ্য ব্যৱসায়িক বিষয়া ৰাজিন্দৰ কুমাৰ বাব্বৰ, আৰু ক্ৰেডিট কাৰ্ড বিভাগৰ মুৰব্বী পীয়ুষ ঝাৰ লগতে বেংক আৰু মাষ্টাৰকাৰ্ডৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই ক্ৰেডিট কাৰ্ডসমূহ উন্মোচন কৰা হয়।

এই নতুন ক্ৰেডিট কাৰ্ডসমূহ বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰাকৈ তৈয়াৰ কৰা হৈছে।
স্পাৰ্কছ: গেলামাল আৰু পোছাক ক্ৰয়ৰ ক্ষেত্ৰত খৰতকীয়া ৰিৱাৰ্ড, আদৰণি ৰিৱাৰ্ড বোনাচ, ঘৰুৱা বিমানবন্দৰৰ লাউঞ্জ ব্যৱহাৰৰ সুবিধা, বুকমাইশ্ব’–বিশেষ সুবিধা অফাৰ, ইন্ধন ক্ৰয়ৰ অতিৰিক্ত চাৰ্জ ৰেহাই আৰু ইএমআই কেচবেকৰ সুবিধা।

ইগনাইট: গেলামাল আৰু ভ্ৰমণৰ খৰচত খৰতকীয়া ৰিৱাৰ্ড, আদৰণি তথা মাইলষ্ট’ন ৰিৱাৰ্ড, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় লাউঞ্জ ব্যৱহাৰৰ সুবিধা আৰু ইজিডিনাৰৰ লাভালাভ।

ফ্লেয়াৰ: ভ্ৰমণকেন্দ্ৰিক এই কাৰ্ডখনত আদৰণি উপহাৰ হিচাপে এমাজন পে ভাউচাৰ, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ লাউঞ্জ ব্যৱহাৰৰ সুবিধা, বুকমাইশ্ব’ আৰু ইজিডিনাৰৰ লাভালাভ, আৰু গল্ফ খেলাৰ বিশেষ সুবিধা পোৱা যাব।

লুমিনা: আন্তঃৰাষ্ট্ৰীয় খৰচৰ ক্ষেত্ৰত প্ৰিমিয়াম ৰিৱাৰ্ড, আদৰণি উপহাৰ হিচাপে অবেৰয় উপহাৰ ভাউচাৰ, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ লাউঞ্জ ব্যৱহাৰৰ সুবিধা, কনচিয়াৰ্জ সেৱা, বিমানবন্দৰত আদৰণি সেৱা, বুকমাইশ্ব’ আৰু ইজিডিনাৰৰ লাভালাভ আৰু গল্ফ খেলৰ বিশেষাধিকাৰ।

বন্ধন বেংকৰ নতুন ক্ৰেডিট কাৰ্ড মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি বেংকটোৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ প্ৰতিম সেনগুপ্তই কয়: “ক্ৰেডিট কাৰ্ডৰ শুভাৰম্ভই এটা ইউনিভাৰ্চেল বেংক হিচাপে আমাৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। মাষ্টাৰকাৰ্ডৰ সৈতে সহযোগিতাৰে মুকলি কৰা আমাৰ এই নতুন ক্ৰেডিট কাৰ্ড পৰ্টফলিঅ’ই ডিজিটেল-প্ৰথম ভাৰতৰ প্ৰত্যাশা পূৰণ কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। ইয়াত গ্ৰাহকৰ বাবে আৰম্ভণিৰ পৰা শেষলৈ এক মসৃণ ডিজিটেল আবেদন প্ৰক্ৰিয়া আৰু সুবিধাজনক কাৰ্ড সেৱাৰ অভিজ্ঞতা প্ৰদান কৰা হৈছে। স্পাৰ্কছ, ইগনাইট, ফ্লেয়াৰ আৰু লুমিনা কাৰ্ডৰ জৰিয়তে আমি এনে এক সামগ্ৰিক সামগ্ৰীৰ শৃংখলা প্ৰস্তুত কৰিছোঁ, যিয়ে জেনেৰেচন জেড (Gen Z) আৰু উদীয়মান ধনী গ্ৰাহকৰ পৰা আৰম্ভ কৰি অভিজ্ঞ ভ্ৰমণকাৰী তথা প্ৰিমিয়াম লাইফষ্টাইল বিচৰা গ্ৰাহকলৈকে সকলোৰে প্ৰয়োজন পূৰণ কৰিব। এই কাৰ্ডসমূহে গ্ৰাহকৰ বিত্তীয় যাত্ৰাৰ প্ৰতিটো স্তৰতে অৰ্থপূৰ্ণ পুৰস্কাৰ (rewards), সুবিধা আৰু বিশেষ লাভালাভ আগবঢ়াব।”

এই যৌথ অংশীদাৰিত্বৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মাষ্টাৰকাৰ্ডৰ ভাৰত আৰু দক্ষিণ এছিয়াৰ সভাপতি গৌতম আগৰৱালাই কয়, “ডিজিটেল ব্যৱহাৰৰ বৃদ্ধি, গ্ৰাহকৰ পৰিৱৰ্তিত প্ৰত্যাশা আৰু এক ভিন্ন ধৰণৰ পৰিশোধ ব্যৱস্থাৰ প্ৰতি থকা আগ্ৰহৰ বাবে ভাৰতৰ ক্ৰেডিট ক্ষেত্ৰখন অতি খৰতকীয়াকৈ সলনি হৈছে। মাষ্টাৰকাৰ্ডত আমি সুৰক্ষিত, নিৰৱচ্ছিন্ন আৰু উদ্ভাৱনীমূলক পৰিশোধ সমাধানৰ জৰিয়তে আমাৰ অংশীদাৰসকলক এই সুযোগসমূহ মুকলি কৰাত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই সহযোগিতাই বন্ধন বেংকৰ শক্তিশালী গ্ৰাহক নেটৱৰ্ক আৰু মাষ্টাৰকাৰ্ডৰ বিশ্বব্যাপী নেটৱৰ্ক তথা দক্ষতাক একত্ৰিত কৰিছে, যাৰ ফলত আজিৰ গ্ৰাহকসকলৰ বৈচিত্ৰ্যময় প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা আৰু পুৰস্কাৰযুক্ত ক্ৰেডিট সামগ্ৰী যোগান ধৰিব পৰা যাব।”
বিভিন্ন ধৰণৰ জীৱনশৈলী আৰু খৰচৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ডিজাইন কৰা এই বন্ধন বেংক ক্ৰেডিট কাৰ্ড পৰ্টফলিঅ’ই দৈনিক বজাৰ-সমাৰ, ভ্ৰমণ, ডাইনিং (খোৱা-বোৱা), মনোৰঞ্জন আৰু প্ৰিমিয়াম লাইফষ্টাইল শ্ৰেণীত আকৰ্ষণীয় ৰিৱাৰ্ডৰ অভিজ্ঞতা প্ৰদান কৰে। গ্ৰাহকসকলে অতি সুবিধাজনকভাৱে https://applycc.bandhan.bank.in ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব অথবা ওচৰৰ বেংক শাখালৈ যাব পাৰিব।
বৰ্তমান বন্ধন বেংকে ভাৰতৰ 36 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 35 খনতে নিজৰ বেংকিং কাৰ্যকলাপ চলাই আছে। বেংকটোৱে ইয়াৰ 6,400 তকৈও অধিক বেংকিং আউটলেটৰ এক শক্তিশালী নেটৱৰ্কৰ জৰিয়তে 3.2 কোটিতকৈও অধিক গ্ৰাহকক সেৱা আগবঢ়াই আহিছে, যিয়ে সমগ্ৰ দেশতে উন্নত মানদণ্ডৰ বেংকিং সেৱা সুলভ কৰি তোলাৰ লক্ষ্যক অধিক শক্তিশালী কৰি তুলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments