বিজেপি ত্যাগ কৰিলে জয়ন্ত দাসে। প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ দল ত্যাগ বিজেপি নেতাগৰাকীৰ
ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ পত্ৰ লিখি পদত্যাগ কৰিলে জয়ন্ত দাসে। বিজেপিৰ সকলো পদবী আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলে নেতাগৰাকীয়ে।দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদানৰ পিছতে বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল জয়ন্ত দাস। অসন্তুষ্ট জয়ন্ত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও বাক্যবাণ নিক্ষেপ কৰিছিল। ন-বিজেপি প্ৰদ্যুৎ বৰদলৈক কিয় দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ল তাক লৈ প্ৰশ্ন কৰিছিল জয়ন্ত দাসে।
প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছত ক্ষুব্ধ জয়ন্ত দাসক বুজনি দিবলৈ বিজেপিৰ নেতা তথা সাংসদ সম্বিত পাত্ৰয়ো তেওঁৰ বাসগৃহলৈ গৈ আলোচনাত মিলিত হৈছিল। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ায়ো জয়ন্ত দাসক সৈমান কৰোৱাৰ চেষ্টা চলাইছিল।প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ দিছিল জয়ন্ত দাসে।
পদত্যাগৰ পিছত জয়ন্ত দাসে কয়, ‘‘এয়া মোৰ ব্যক্তিগত সিদ্ধান্ত নহয়, সমূহীয়া সিদ্ধান্ত। মই দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ম। দিছপুৰ সমষ্টিৰ ৰাইজে মই নিৰ্বাচন খেলাটো বিচাৰিছে। মই আশা কৰিছিলো মই টিকট পাম। যোগ্যতা অনুসৰি মই দলক নেতৃত্ব দিছিলো। গোটেই জীৱনটো দিলো বিজেপিক। আজি সেই জয়ন্ত দাসৰ এই দুৰ্দশা হ’ল।’’
